পৃষ্ঠা:ৰাস ক্ৰীড়া.djvu/৩১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২৯
ৰাস ক্ৰীড়া।

আনন্দ বঢ়ায়া গােপীগণৰ মনত।
পৰম মধুৰ মূৰ্ত্তি ভৈলন্ত বেকত।।
হাসাে হাসাে কৰে আতি বদন কমল।
শ্যাম তনু পীতবস্ত্রে দেখিতে উজ্জ্বল।।
চিকিমিকি কৰে অলঙ্কাৰৰ দীপিতি।
গলত পদ্মৰ মালা দেখন্তে তৃপিতি।।
দেখি ৰূপ মদনৰো মােহন সাক্ষান্ত।
উঠিল আনন্দে সবে গােপী অসংখ্যত।।
গুচিল বিৰহ দুঃখ দ্ৰৱ ভৈল চিত্ত।
প্রাণক দেখিয়া যেন তনু উল্লসিত।।
কতো গােপীগণ গৈয়া কৃতাঞ্জলি কৰি।
থাকিল কৃষ্ণৰ হস্ত পঙ্কজত ধৰি।।
কতাে আথেবেথে গৈয়া ধৰে বাহু কান্ধে।
কতাে গােপী গৈয়া মােহহুয়া গলে বান্ধে।।
আগ হুয়া কেহাে চোবা লৱে হাত পাতি
চক্ষু পকাই চাৱে কতাে কৰি মুখ কাতি।।
মদনে মৰ্দ্দয় কতো গােপিকাৰ মন।
স্তনত অৰ্পয় নিয়া কৃষ্ণৰ চৰণ।।
এক দৃষ্টি কৰি কতো গােপীগণে।
মুখ পঙ্কজক পীয়ে স্তবধ নয়নে।।