পৃষ্ঠা:ৰাস ক্ৰীড়া.djvu/৩০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২৮
ৰাস ক্ৰীড়া।

হেন প্রভু তষু পাদপদ্ম সুকুমাৰ।
লাসে লাসে ধৰে যায় স্তনত আমাৰ।।
সিটো পাৱে বিজুবনে ফুৰা কেন কৰি।
শিগা খােলা লাগি পীড়া কৰিবেক ভৰি।।
ইহাকেসে সুমৰন্তে প্রভু! প্রাণ যায়।
তুমিসি আমাৰ জীৱ প্ৰাণ সমুদায়।।
এতেক বােলন্তে উপজিল প্রেমভাৱ।
কান্দে কৃষ্ণ বুলিয়া পাৰয় দীর্ঘ ৰাৱ।।
গাৱে গীত কতো নয়নৰ ঝৰে নীৰ।
হা কৃষ্ণ কৃষ্ণ বুলি চিত্ত নােহে স্থিৰ।।
কৃষ্ণক নেদেখি গােপী সমস্তে বিহ্বল।
বােলা হৰি হৰি পাপ যাওক ৰসাতল।।

- - - -


ঘােষা।

হেৰা পাইলাে পাইলাে ৰে

প্রাণধন মুকুন্দ মুৰাৰি।
দিলা দেখা দামােদৰ জীৱন হামাৰি।।
গােপিকাৰ দেখি প্রেম ভাৱ বিপৰীত।
ভৈল গােপাল আতি ব্যাকুলিত চিত।।