পৃষ্ঠা:ৰাস ক্ৰীড়া.djvu/২৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২৭
ৰাস ক্ৰীড়া।

যেবে দিবাত তুমি ফুৰা বৃন্দাবনে।
তােক নেদেখি যুগ যায় অৰ্দ্ধক্ষণে ।।
সন্ধ্যাত তােমাৰ মুখ দেখি এড়াওঁ ক্লেশ।
কিনো মন্দ ব্রহ্মা তাতো সৃজিল নিমেষ।।
তযু গীতে আতি মন মােহিলে আমাৰ ।
পতি পত্র ভ্রাতৃকো কৰিলো পৰিহাৰ।।
তামাৰ সাধিবা গতি মনে হেন মানি।
তোমাৰ সমীপ পাইলো প্রভুচক্ৰপাণি।।
তুমি বিনা আছে আৰ ৰত্ন কোন জন।
মাতি আনি নিশাতএড়িবা নাৰীগণ।।
কাহাক দুষিবো ইসি অভাগ্য কপাল।
আমাৰ হৃদয় ৰোগ গুচায়ো গোপাল।।
তামাৰ সুমৰি ইটো ৰহস্য আলাপ।
কৰে কামানলে আতি হৃদয়ত তাপ।।
লক্ষীৰ নিবাস সিটো দেখি উৰুস্থল।
দুনাই দুনাই হােৱে মন আমাৰ বিহ্বল।।
ব্ৰজৰ জনৰ দুঃখ হৰিবাক প্রতি।
ভৈলা অৱতাৰহৰি তোমাৰ সম্প্রতি।।
হেন জানি ক্ষণেকো নেড়িবা যদুৰায়।
তােমাক নেদেখি হেৰা প্রভু! প্রাণ যায়।।