এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২৩
ৰাস ক্ৰীড়া।
বিনাশে সংসাৰ, ভয় ভকতৰ,
পূৰে মনােৰথ যত।
হেন হস্তপদ্ম, আনি প্রাণনাথ ?
দিয়ােক অসি শিৰত।
হে ব্ৰজজন, দুঃখহাৰী হৰি,
আমি কিঙ্কৰীক ভজ।
মোহন হসিত, কটাক্ষে সহিত,
দেখায়ো মুখপঙ্কজ ।
সমস্ত প্রাণীৰ, পাপ হৰে যিটে,
অছিণ কালীৰ ফণে।
কমক মাদ্দয়া, হেন পাদপদ্ম,
অপিয়ো আমাৰ স্তনে
পঙ্কজলােচন, নেদেখি তােমাৰ,
মৰাে সবে হেৰা দাসা।
মধুৰ বচনে, অধৰ অমৃতে,
আমাক জায়ায়ো আসি।