পৃষ্ঠা:ৰাস ক্ৰীড়া.djvu/২৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২২
ৰাস ক্ৰীড়া


বিষময় জল,  অঘ পূতনাত,
 ৰাখিল বৃষ্টিত হন্তে।
চক্ৰবাত বন-,  বহ্নি আনো ভয়ে,
 তাৰিলা তুমি অনন্তে।

আবে কেনে মন-,  মথৰ হাতত,
 আমাক মৰোৱা স্বামী।
তোমাৰ চৰণ,  যেৱে দেখা পাওঁ,
 পুনৰপি জীওঁ আমি?

নুহিকা যশোদা-,  নন্দন গোবিন্দ,
 নিশ্চয় বুলিলো বাক।
তুমি সমস্তৰে,  বদ্ধি সাক্ষী সখি,
 প্ৰাৰ্থিলা ব্ৰহ্মা তোমাক।

জগত ৰাখিবে,  লাগি যদুকুলে,
 আপুনি ভৈলা উদিত।
শুনা মহাভাগ,  ভকতৰ ত্যাগ,
 কৰিবে নুহি উচিত।