পৃষ্ঠা:ৰাস ক্ৰীড়া.djvu/২৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২৪
ৰাস ক্ৰীড়া

তবু কথামৃতে,  দগ্ধকো জীয়াৱে,
 শ্রবণে দেয় মুকুতি।
সকাম কৰ্ম্মক,  অতি তুচ্ছ কৰি,
 জ্ঞানী কৰে তাকে স্তুতি।।

যিটো যনে সদা,  হেন কথা কৱে,
 সিসি দান দেয় জীৱ।
ভৈলােহো হেনয়,  সুহৃদে বঞ্চিত,
 দেখা দিয়া সদাশিৱ।।

শুনিয়ো কপটী,  সঙ্কেত আলাপ,
 নুগুচে আৰ হিয়াৰ ।
তোমাৰ সদয়,  হাস্য দৰশনে,
 মােহিলে মন আমাৰ।।

তােমাকেসে লাগি,  মৰো গোপীচয়,
 স্নেহে বিয়াকুল মতি।
তুমি পুনু প্রভু,  কপট আচাৰা,
 আমাত কোন যুগুতি।।