পৃষ্ঠা:ৰাস ক্ৰীড়া.djvu/১১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ৰাস ক্রীড়া।


ঘোষা।

গোবিন্দ দেৱ বিনে নহি কেৱ।
গোবিন্দ দেৱ॥

 গোপীৰ শুনিয়া আকুল বাণী।
 ভৈলন্ত সদয় সাৰঙ্গপাণি॥
 হসিয়া বোলন্ত এড়িয়ো তাপ।
 গোপীকা ক্ৰীড়িলা জগত বাপ॥
 কৃষ্ণৰ সদয় দৃষ্টিক দেখি।
 প্ৰফুল্লমুখী ভৈল সবে সখী॥
 দৰশাই লীলা ভাব ভ্ৰূভঙ্গে।
 কৃষ্ণৰ চৌপাশে বেড়িলে ৰঙ্গে॥
 গোপীৰ মধ্যে শোভে দামোদৰ।
 তাৰাৰ মধ্যে জেন শশধৰ॥
 গলত অম্লান পঙ্কজ মালা।
 বেড়িয়া গুণ গাৱে গোপবালা॥
 আপুনি গাৱন্ত গীত মোহন।
 ফুৰন্ত ৰঞ্জি দিব্য বৃন্দাবন॥
 যমুনা বালি দেখি সুকোমল।
 পদ্মগন্ধি বাত অতি শীতল॥