পৃষ্ঠা:ৰাস ক্ৰীড়া.djvu/১২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০
ৰাস ক্রীড়া ।

গোপীগণ লৈয়া নামিলা তাত।
কৰিলা ক্ৰীড়া কৃষ্ণে অসংখ্যাত॥
বাহু মেলি কাকো আলিঙ্গি ধৰি
কাৰো স্তন নখে পৰশে হৰি॥
মুখ চায়া কাৰো তোলন্ত হাস।
মাতন্ত কাকো কৰি পৰিহাস॥
লন্ত বস্ত্ৰ কাঢ়ি বঢ়ায়া ৰঙ্গ।
বেকত কৰন্ত গুপুত অঙ্গ॥
ধৰিয়া কাৰো কণ্ঠে বাহু মেলি।
কৰিলা অনেক অনঙ্গ কেলি॥
আনন্দে গোপীৰ বঢ়ায়া কাম।
ৰমিলা গোপীনাথ অবিশ্ৰাম॥
কৃষ্ণত হন্তে মহামান পায়া।
বুলিলা গৰ্ব্বে সব গোপজায়া॥
আমাৰ সম সুভাগিনী নাই।
ভৈলন্ত অধীন যাদৱৰায়॥
গোপীৰ মহা অহম্মম ভাৱ।
দেখি নসহিল কৃষ্ণৰ গাৱ॥
তাসম্বাৰ দৰ্প হৰিবে মনে।
ভৈল অন্তৰ্দ্ধান তৈতে তেখনে॥