এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৮
ৰামনবমী নাটক
| কাম। | আজি সপ্তমী। আৰূ সাতদিন আছে। কেলেইনো ? |
| ৰাম। | অইন সকাম একোনাই মোমাই অৰুৰ ঘৰলৈ যাম। |
| কাম। | বাৰু যাবা! এতিয়া একেলগে লুইতত গা ধুই আহোঁগই বলা। অনেক দিন তুমিয়ে সইতে একে লগে গা ধোয়া নাই।। |
| ৰাম। | বাৰু বলা। |
(ইতি নিষ্ক্ৰান্তাঃ) (৮)
চতুৰ্থ দৰ্শন
ৰাজআলী।
মঙ্গলুৰ প্ৰবেশ।
| মঙ্গলু। | [স্বগত] গিৰিহঁতৰ ঘৰত খাটোঁতে খাটোঁতে দিন গ’ল। আপোনাৰ একো বনকে কৰিবৰ আহৰি নেপাওঁ। এনেকৈ কেনেকৈ থাকিম। ইমানদিন কৰি খুয়ালোঁ হেঁতেন যাতো আয়ে সোণাফুলী বিয়া দিব খুজিছে দেখিহে। কথাতে ‘গোলাম হে গোলাম, গোলাম হে গোলাম।” কি বৰ গোলাম পাইছে? এতিয়া সি দিন আছেনে? “যেতিয়াৰ দিন তেতিয়াই গ’ল। চুমা খোয়া ঠাই **।” সোণাফুলী চোয়ালীজনী দেখিবলৈ সুয়নী আৰূ বন বাৰীত কাযি। আয়ে বুলিবৰে পেৰাতাই মোক দেখিলে মূৰত কাপোৰ লয়। গিৰিহঁতৰ জীএক আই দেওয়েও মোক দেখিলে ধেমালিকৈ সোণফুলীৰ কথা শোধে। আৰূ তাইৰ আগতো মোৰ কথা শোধে। যদি তাইক হে পাঁও থাকিম, নহলে যি হয় হব। |
সয়ন্দ্ৰীৰ প্ৰবেশ।
| ( তাইক দেখি ) ৰঃ এই আহিছে! এই দেখোঁ এটাইকে তিৰী-তিৰোতা আনা দৰব দি ফুৰে। এইত শোধাচোঁন। লগত এটা বা এজনি নহলে নচলে (প্ৰকাশ্যে) কলৈ গৈছিলা আই? |
| সয়ন্দ্ৰী। | এ! কি শোধ? বুপাহে বজাৰলৈ গইছিলোঁ, বস্তু বেহানী জুই চাই মৰগ। (৯) |
| মঙ্গল। | কিনো কিনিবলৈ গইছিলা? |
| সয়ন্দ্ৰী। | বণিয়াৰ দোকানলৈ এটা দৰব কিনিবলৈ গইছিলোঁ। তাতে সি যি ফেৰাহে দিলে। তাক দেখিলেই খঙ্গ উঠে। সি আকৌ “ক’লে বোলে এই বেলি হুনু, সেই বস্তুৰ” “এমদানী” অহা নাই। |