সমললৈ যাওক

পৃষ্ঠা:ৰাম-নবমী নাটক.pdf/৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৭
ৰামনবমী নাটক
সইতে কেনেকৈ প্ৰীতি ৰাখিব লাগে নেজানে। কাকত নেলেখে মিচাই কয় লেখিছো। মুখত হে ককাই। ভিতৰলৈ যোৱা যদি “একো নাই বুপাই।”
ৰাম। তাকেতো বন্ধো। ময় মনত বৰ বেজাৰ পাইছোঁ।
কাম। সি কথা এৰি পেলোৱা। কেইদিনমান তোমাৰ সৈতে থাকি মনৰ হাবিলাষ পলুয়াঁও।
ৰাম। মোৰ এই মাহৰ পেৰা মনতো বৰ উদ্বিগ্ন হইছে একোতো সুখ নেলাগে। সৰ্বদাই হাঁহি মতি থাকিবলৈ ইচ্ছা যায় কিন্তু তেনে কৰিলেও অলপতে বেজাৰ ধৰে। তাৰ পৰা আকৌ অকলসৰিয়া হই থাকোঁ গই। তাতো সুখে নাপাওঁ। যত ততে বৰ অসুখেই হে কাল যাই।
কাম। তুমিনো ইয়াৰ কিবা কাৰণ অনুভৱ কৰিব পাৰিছানে?
ৰাম। নাই একোকে কব নোয়াৰোঁ।
কাম। ময় এটা অনুভব কৰিছোঁ। বোধহয় সেইটো অবশ্যে হব। নতুবা জ্বৰ-নৰীয়া একো নাই শুদাই এনে কিয় হ'ল।
ৰাম। কোয়া চোন! মোৰে শপত কি?
কাম। এতিয়া তোম৷ৰ যৌবনকাল উপস্থিত। বিশেষতঃ (৭) বসন্তকাল! যি

সময়, পথ্য নহলে নৰীয়া পৰিবৰ আতি সম্ভব।

ৰাম। কিনো? নুবুজিলোঁ ভালকৈ কোয়া চোন?
কাম। এঃ তাকে নুবুজিলা। পঢ়া নাইনে?

“বসন্তে ভ্ৰমণং পথ্যং অথবা অগ্নি সেবনং
অথবা যুবতী নাৰী অথবা নীম্ব ভোজনং॥
তুমি যি কালত ভৰি দিছা ই সকলোতকৈ বিষম। লগত যুবতী ভাৰ্য্যা নহলে একোকে ভাল নেলাগে। যি যুবাৰ যুবতী আছে তালৈ চাবা চোন। তাৰ অইন হেজাৰ অসুখতো সুখ। নতুবা অন্য প্ৰকাৰ সুখ দিবপৰা বস্তু থকাতো অসুখ্ পোয়া যায়।

ৰাম। মোক ভেঙ্গুচালি কৰিচানে কি?
কাম। নহয়! ই ভেঙ্গুচালি কৰা কথা নহয়। তুমি ন মানুহ বুজা নাই।

থাকা পিছে বুজিবা।

ৰাম। তেনে হলেও মোক তেনে নেভাবিবা। অ! বন্ধো! শিবৰাতিলৈ কেই-

দিনমান আছে?