এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৬
ৰামনৱমী নাটক
| হল, কাৰ কত কি নহল এই বিলাক বুজ লবলৈ আৰু দন্দ কৰিবলৈ -
আহিছেনে কি? |
| শিব। | হেৰ! পেলনী! সিদিনা খোনৰে পেৰা কেই বেলি তোৰ এখেলৈ
আহোঁ। তোক লগকে নেপাওঁ। পয়সা কেইটা দিব লগা আচিল হে কি কৰিলি? |
| পেলনী। | বাৰু! আই! দেখিছাই গিৰিহঁতৰ এই বিপত্তি হইছে। কেই দিনমান থকা পিছে পয়সা পাবা। তোমাৰ পয়সা কেইটা লই আমি হেৰাই নেযাওঁ ( (৫) |
| শিব। | তোৰে দেখো বৰ বৰ কথা। ময় আকৌ ভালক প্ৰতি সুধিলোঁ তাই
আকৌ বৰ বৰ মাত মাতে। কটাৰজী বেটী! বান্দী! বৰ সাহ পাই গলিনে? |
| হৰি। | থকা! আজি একো বুলিব নেলাগে। পিছে যি হয় হব। আহাঁ। বাই। সাঁজ লাগিল। ঘৰলৈ যাঁও লৰা চোয়ালীয়ে কান্দিব। |
| শিব। | তোৰ লৰা চোয়ালী আছে কান্দিব। তয় যা। ময় এতিয়া নাযাঁও।
এবেলি ইঘৰ সিঘৰ কৈ ফুৰি আহোঁগই। (শিবাৰ প্ৰস্থান। ) |
| পেলনী। | এই জনিৰ সাঁজ লাগিলেহে ফুৰিবৰ সময় হয়। জানো আই। -এইৰ
কথা সকলো জানো। |
| হৰি। | এৰি পেলোয়া আই। যি যিমানলৈ নামে, সি সিমানলৈ তিতিব। |
(ইতি নিষ্ক্ৰান্তাঃ।)
তৃতীয় দৰ্শন
কামদেবৰ বাটী।
কামদেব আৰু ৰামচন্দ্ৰ প্ৰবেশ।
'
| কামদেব। | বন্ধো। আঁহা। এইখিনি দিন তোমাক নেদেখি মন বৰ ভাবনাত,
আছিল। আজি হে আনন্দ। |
| ৰামচন্দ্ৰ। | বন্ধো ইমান দিন মোমাইঅৰৰ ঘৰত সকলো সুখ (৬) পাইছিলোঁ। কিন্তু তোমাত বাজে অইন কোন লগ সমৰিয়া সকলৰ কাকত নেপায় বৰ ভাবনা কৰিছিলোঁ। ময় যে এওঁ বিলাকলৈ কাকত লেখিছিলোঁ এওঁ বিলাকে পাইছিল নে? |
| কাম। | মোৰ কেইখন হলে পাইছিলোঁ। এতিয়া ডাকত ৰসীদ নাই। নাপাঁও বুলিলেই হল। নকবাহে বন্ধো। ইয়াৰ মানুহবিলাকে দূৰদেশৰ বন্ধুয়ে |