সমললৈ যাওক

পৃষ্ঠা:ৰাম-নবমী নাটক.pdf/৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ৰামনবমী নাটক 3900/NB-1 ফলে। অ! মোৰ সোনাই ঔ! (স্বামীৰ প্ৰতি ) হয়! এখেৰবাকি? এখেত গঙ্গা, গয়া, কাশী, প্ৰয়াগ, কৰি ফৰক, ঘৰত থকা কেইটা দিনো ইঘৰ সিঘৰকৈ খেদাওক ময় জলা জই কুৰা আগত লই পৰি মৰো। ( এইগুলি হিয়া ভুকুয়াই কান্দিবলৈ ধৰিলে )। শিব। কোন আছ হক, ধৰ। মানহ জনি একেবাৰে বিয়াকুল হইছে, ভিতৰলৈ নে। ( ফালে ম্বীক সকলোৱে ধৰাধৰিকৈ ভিতৰলৈ নিলে। ) ( পেলনী ব্যতিৰেকে সকলৰে প্ৰস্থান ) পেলনী। ( মনে মনে ) অস্! গোঁসাই! আমাৰ কপালত কনা বিধাতাই ইয়াকেহে লেখিছিল। আপোনাৰ লৰা চোয়ালী একো নাইএই। গিৰিহতৰ এই জনিকে তুলিতালি ডাঙৰ কৰিলো, এইৰ মখে চাই এইৰ লগতে দিন খেদাম। তাকো ঈশ্বৰে বঞ্চিলে। আমাৰ আঠ আঙ্গলীয়া কপালত কনা বিধাতাই ইয়াকেহে লেখিলে। অস! হৰি! হৰি! গোঁসাই! হৰিপ্ৰিয়াৰ প্ৰবেশ। হৰিপ্ৰিয়া। আই কি হল কিয়নো কান্দিছ? পেলনী। ত । আমাৰ কথা আৰু কি শোধা আই! এতিয়া আমাৰ মাৰিলেই ভাল। (8) হৰি। এ! আই! কি কম! আমাৰ কিবা কৰিবৰ সক্তি আছেনে? পেলনী। দঃখৰ কথা কি কম! আই! সিদিনা খোন চোয়ালী জনিৰ নোয়াই তোলনী হল। ময়েই সেই কাল শত্ৰুৰ ঘৰত জননি দি আহিলোঁ। এতিয়াহে এনে হবলৈ পালে। এটী লৰা চোয়ালী এৰি যদি তাৰ তেনে হল হেতেন—সিও নহল। কাউৰি খোয়া গণকে দেখোঁ পাজী পাৰ্থী চাই কলে বোলে নবমীয়ে সভেগা যোগ পাইছে। হৰি। এতিয়াৰ গণকে মঠে খাবহে জানে। গণিব পিটিব নোয়াৰে। এই দৰে ফাঁকি ফাঁকাকৈ পেট প্ৰবত্তাই থাকে মাথোন। ভাল চোয়ালী জনী, দেহি! কেনে অবস্থা হল। এতিয়া জেনেহে দিনকাল হইছে ভালে থকাই বৰ কঠিন। পেলনী। আশীৰ্ব্বাদ কৰা আই! ভালে থাওক। শিবাৰ প্ৰবেশ। পেলনী। (মনে মনে) মৰ! এই জনিবা কেলেই আহিছে? কাৰ কত কি