সমললৈ যাওক

পৃষ্ঠা:ৰাম-নবমী নাটক.pdf/৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ৰামনবমী নাটক
ফুলে— অ! মোৰ সোনাই ঔ! (স্বামীৰ প্ৰতি ) হয়! এখেৰবাকি? এখেত গঙ্গা, গয়া, কাশী, প্ৰয়াগ, কৰি ফুৰক, ঘৰত থকা কেইটা দিনো ইঘৰ সিঘৰকৈ খেদাওক ময় জ্বলা জুই কুৰা আগত লই পুৰি মৰো। ( এইবুলি হিয়া ভুকুয়াই কান্দিবলৈ ধৰিলে )।
শিব— কোন আছ হঁক্ ধৰ। মানুহ জনি একেবাৰে বিয়াকুল হইছে, ভিতৰলৈ নে। ( ফুলেশ্বৰীক সকলোৱে ধৰাধৰিকৈ ভিতৰলৈ নিলে। )

( পেলনী ব্যতিৰেকে সকলৰে প্ৰস্থান )

পেলনী— ( মনে মনে ) অস্! গোঁসাই! আমাৰ কপালত কনা বিধাতাই ইয়াকেহে লেখিছিল। আপোনাৰ লৰা চোয়ালী একো নাইএই। গিৰিহঁতৰ এই জনিকে তুলিতালি ডাঙৰ কৰিলো, এইৰ মুখ চাই এইৰ লগতে দিন খেদাম। তাকো ঈশ্বৰে বঞ্চিলে। আমাৰ আঠ আঙ্গুলীয়া কঁপালত কনা বিধাতাই ইয়াকেহে লেখিলে। অস! হৰি! হৰি! গোঁসাই!

হৰিপ্ৰিয়াৰ প্ৰবেশ।

হৰিপ্ৰিয়া— আই কি হল কিয়নো কান্দিছ?
পেলনী— আমাৰ কথা আৰূ কি শোধা আই! এতিয়া আমাৰ মাৰিলেই ভাল। (8)
হৰি— এ! আই! কি কম! আমাৰ কিবা কৰিবৰ সক্তি আছেনে?
পেলনী— দুঃখৰ কথা কি কম! আই! সিদিনা খোন চোয়ালী জনিৰ নোয়াই তোলনী হল। ময়েই সেই কাল শত্ৰুৰ ঘৰত জননি দি আহিলোঁ। এতিয়াহে এনে হবলৈ পালে। এটী লৰা চোয়ালী এৰি যদি তাৰ তেনে হল হেঁতেন—সিও নহল। কাউৰি খোয়া গণকে দেখোঁ পাজী পুথী চাই কলে বোলে নবমীয়ে সুভগা যোগ পাইছে।
হৰি— এতিয়াৰ গণকে মুঠে খাবহে জানে। গণিব পিটিব নোয়াৰে। এই দৰে ফাঁকি ফুঁকাকৈ পেট প্ৰবত্তাই থাকে মাথোন। ভাল চোয়ালী জনী, দেহি! কেনে অবস্থা হল। এতিয়া জেনেহে দিনকাল হইছে ভালে থকাই বৰ কঠিন।
পেলনী— আশীৰ্ব্বাদ কৰা আই! ভালে থাওক।

শিবাৰ প্ৰবেশ।

পেলনী— (মনে মনে) মৰ! এই জনিবা কেলেই আহিছে? কাৰ কত কি