সমললৈ যাওক

পৃষ্ঠা:ৰাম-নবমী নাটক.pdf/৩৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৬২ ৰামনবমী নাটক এই চন্দ্ৰহাৰ! এই বিলাক তেনেই পৰি থাকিলহেঁতেন। মোৰ নিমিত্ত এই মনষ্য জন্ম বিশেষকৈ এই গাভৰু কাল কথা হল হেতেন। ইয়াক পিন্ধাত জানো মোৰ পাপ হয়— কেতিয়াও নহয়। জয়ন্তীৰ প্ৰবেশ। জয়ন্তী। আহাঁ! অলঙ্কাৰ আৰু কাপোৰ পিন্ধাও! এই কলি আয়তি সাজ পিন্ধালে। জয়ন্তী। ( পিন্ধাই উঠি ) আই অ মোৰ সোনাই কেনে সন্দেৰ দেখি! সখি! চুমা এটী দিয়া। ( চুম্বন ) নবমী! সখি! ময় কেনেকেই সম্ভাষণ কৰিব লাগে নেজানো শিকাই দিয়া? জয়ন্তী। সকলে কৰ্ম্মত গুৰুমখে নহলে শিকা নেযায়। কিন্তু ইয়াত তাক নেলাগে। এভাবে আপনি শিকাই। বাৰু! মন কৰা চোন ফলনীৰ বাৰ্তি কোনবাই তোমাৰ কিবা শিকাই দিছিল নে? সখি! আজি তোমাৰ আকৌ বিয়া চাম। নৰ্মী। (দীৰ্ঘনিশ্বাস ) সখি! যি কৰা কৰিবা। ৰাতি অনেক হল। টোপনীয়ে ধৰিছে। (88) জয়ন্তী৷ আহেহে লাগে। ৰাতি সৰহ হোৱা নাই। টোপনীয়ে ধৰে। আৰু পিছে চাম কেনে নেপথ্যৰ পৰা। বৌ! দয়াৰ মেলা। সোনকালে এটা কথা কই যাওঁ। নবমী। সখি! আকৌ যাব বোলে। জয়ন্তী। বাৰু ইয়াৰ প্ৰমাণ পাবা। ণ পাবা। কয়হে এনেকেই কয়হে এনেকেই। ময় দয়াৰ মেলি দিও তুমি ইহাতে ভালকৈ বহা! ( কপাটোদঘাটন ) ৰামচন্দ্ৰৰ প্ৰবেশ। ৰামচন্দ্ৰ। ( নবমীক আয়তিৰ বেশে নিৰীক্ষণ কৰি চিনিব নোয়াৰি ) বৌ! এটা কথা আছিল—এওঁনো কোন? জয়ন্তী। তুমি শোধা। নবমী। (নবমী লজ্জায় নম্ৰম,খী) সখি! তামোল কেইখনমান কাটা; বপাকো দিয়া, তুমিও খোয়া, থাকে যদি মোকো দিয়া। ৰাম। বৌ! এওঁনো কোন?