সমললৈ যাওক

পৃষ্ঠা:ৰাম-নবমী নাটক.pdf/২৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৫৪ ৰামনবমী নাটক কাম। বন্ধো! তুমি বলীয়া হলানে কি? এনে নহবা! স্থিৰ হই থাকা। ময় ইয়াৰ প্ৰতি বিহিত যত্ন কৰিম। ( ৩১) ৰাম। কি কম! বন্ধো। কালি তুমিয়ে সইতে ফলনীৰ পেৰা আহোঁতে বাটত কি কলোঁ কি মিলিলোঁ একো মনত নাই। ঘৰত শিব পূজা কৰিবলৈ বহিলোঁ। কিন্তু, ধ্যান কৰাত সেই সন্দৰীৰেইহে মনত পৰিছিল। তেওঁৰ ৰূপ লাবণ্যহে মোৰ নয়নৰ পথত পথিক হই আছে। বন্ধো! তোমাৰ ওপৰতে সৰ্ব্বভৰসা! কাম। ঈশ্বৰে কৰিলেহে কৰা। ৰাম। সাবধান! যেন প্ৰকাশ নহয়। কাম। মোৰ আগত কব নেলাগে। এতিয়া ময় যাওঁ তুমি ভিতৰলৈ যোয়া অস্থিৰ কৰ্ম্ম নহয়। অস্থিৰ নহবা। ( ৰামচন্দ্ৰৰ প্ৰস্থান )। কাম। নবমীৰ সইতে বন্ধৰ তেনে সংঘটন হোয়া অতি অনুচিত। বিধবা ছোয়ালী, শাস্ত্ৰৰ নিষিদ্ধ কথা। এতেকে তেওঁৰ মন পালটাৰ লাগিল। (ইতি প্ৰস্থান। ) পঞ্চম দৰ্শন • শিবকান্তৰ বাটী ফলেশ্বৰী আৰু সয়ন্দ্ৰীৰ প্ৰবেশ। সয়ন্দ্ৰী। আই! জীয়াৰ বোলে কিবা নৰীয়া হইছে। ফলেশ্বৰী। হয় হে আই! তোমাৰ জেনে কাঁপাল তাক কি কম? সিদিনা মাথোন চোয়ালী জনি নৰীয়াৰ পৰা উঠছে, তেতিয়াৰে পৰা খিনাই যাব লাগিছে। তেও কালি (৩২) গোধূলী ফালনীৰ ফালে ফাৰিবলৈ গাইছিল। তাৰ পৰা আহি একো খোয়াও নাই বোয়াও নাই তেনেই আছে। গাভৰু চোয়ালী সখে মুখে লাগিছে হবলা। সয়ন্ত্ৰী। তোমাৰ জীয়াক দেখিলে মনত বেজাৰ ধৰে। ফলে। বেজাৰৰ কথা কি কম আঁই! গঙ্গাতীৰৰ পেৰা অহাত চুৰি, ট্ৰেী জন্মে,কা আৰু এনে কেতবিলাক সোণ ৰূপৰ ভাল ভাল অলঙ্কাৰ তাইলৈকে