| কাম।
|
বাৰু মোৰ কথা কগই যা।
|
নেপথ্যৰ পৰা। বপা বঁহা! বন্ধুয়েৰ যাবলৈ ধৰিছে?
| কাম।
|
গা বেয়া বোলে। কিনো হইছে ?
|
| ৰাম।
|
মোৰ নৰীয়াটো তুমি জানাই!
|
| কাম।
|
নহয় তেও ভালকৈ কোয়া চোন?
|
| ৰাম।
|
বন্ধু। তুমি যদি ভাল কৰা তেহে ভাল, নতুবা মৰণ।
|
| কাম।
|
বাৰু! কোয়া। মোৰ যত্নত ত্ৰুটি নহয়।
|
| ৰাম।
|
বোলা বন্ধু! হেকান নেপাৰা আৰূ নোসোমঁৰাও (৩০)
|
| ৰাম।
|
কালি সন্ধ্যা বেলিয়া মোক ফুলনীৰ বাৰিৰ নাহৰ গছৰ তলত থই তুমি ফুল তুলিবলৈ গলা। মোৰ টোপনীয়ে ধৰিলে দেখি তাতে অলপ শুলোঁ। তাতে কেইজনি মান তিৰোতাৰ হাইত মোৰ টোপনী ভাগিল। সাৰ পায় দেখোঁ এটা অতী ৰূপবতী স্বৰ্গৰ অপেশ্বৰা যেন চোয়ালী, মোৰ ইফালে যেন আহিছে। তেওঁৰ সধবাৰ লক্ষণ নাই। তেওঁৰ দেখিবৰ পৰা মোৰ মন অস্থিৰ হইছে। তেওঁক নেপালে বন্ধু ময় নিশ্চয় মৰিম। তেওঁৰো মোৰ প্ৰতি মন ধাবমান হোয়া প্ৰমাণ পাইছো। কথা-বাৰ্ত্তা হবলৈ নোৱাৰিলোঁ। বন্ধো! তুমি যদি ৰক্ষা নকৰা, তেন্তে মোৰ মৰণ জানিবা। এতিয়া তোমাৰ হাতত পৰিলোঁ যি বোলা যি কৰা সেই হব।
|
| কাম।
|
বন্ধো! কোনটীনো? তিনিটী চোয়ালী আছিল দুটী বিধবা এটা সাধবা।
|
| ৰাম।
|
ময় নিচিনো তেওঁ যিটী বয়সিয়াল আৰূ দীঘলিকৈ সিটী নহয়।
|
| কাম।
|
অঃ বুজিলো। নবমী? শিৰকান্ত জীএক?
|
| ৰাম।
|
নবমীনে? হাঁ নবমী! মহানবমী! যদি তুমি উদ্ধাৰ নকৰা, মোৰ দশমী দশা উপস্থিত। (স্বগত) হাঁ প্ৰিয়ে নবমী!
|