সমললৈ যাওক

পৃষ্ঠা:ৰাম-নবমী নাটক.pdf/২৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ৰামনবমী নাটক জয়ন্তী। কব নেলাগে। ইয়াৰ আজি বাজ পাম। এওঁয়ে সইতে আগেয়ে তেওঁৰ সাক্ষাৎ নাই মাঠে আজিহে হব পায়। হলেও মাঠে সাক্ষাৎ মাত্ৰহে। হঠাৎ কেনেকেইনো অইন হব। নবমীৰ যেতিয়া আগবিয়া হোয়া নাই, তেতিয়াই তেও মোমাইএকৰ ঘৰলৈ গইছিল, আজি কেইবা বছৰ মানৰ মৰতহে আহিছে। অইন একো হোয়া নাই। পৰ্ব্বৰ পৰা যে চিনাকী আছে সিও মনে নধৰে। কিয়নো থাকিলে নবমী সেই বিষয়ত এনে আজলা নেথাকিল হেতেন। দেখা নাইনে একোকে নেজানে। উৰ্ধ্বশী। মোৰোটো সেইটো মনে ধৰিছে। বাৰু এতিয়া ঘৰলৈ যাওঁ। কতো ই বাৰু কথা ফাচ নকৰিবা। হয়েই কি নহয়েই। সখি! যাওঁ দেই। ৰাতিকে একেলগে নবমী লগউৰুৰ ঘৰলৈ জাম। [ ইতি ক্ৰমে ক্ৰমে নিষ্ক্ৰান্তা ]. চতুৰ্থ দৰ্শন হৰনাথৰ বাটী হৰনাথ আৰু নিগদতিৰ প্ৰবেশ। হৰনাথ। হেৰ নিগদতি! নিগদ্বতি। দেউতা। হৰ। পোৰনো কি হইছে অ? নি। জানো দেউতা কব নোয়াৰো। কালি কামদেউ বপাৰে সইতে ফাৰিবলৈ গইছিল। তাৰপৰা আহি (২৯) লৰা লৰিকৈ শিব পাজা কৰি, অইন বেলি হলে সাৰে থাকে ই বেলি সাৰেও নেথাকিল, তেনেই শহলে। জানো দেউতা কি হল। কাকো ওচৰলৈ যাব নিদিয়ে। মাজে মাজে একো একোটা বৰ হম,নিয়াহ কাঢ়ে। হৰ। কিনো হল বাকলি? লৰাটৰ এটানে এটা লগৰ পৰা নগ,চেই। ময় এই পিনে ফৰি আহোঁ গই। তই ইয়াতে থাক, হে কোটো আৰু কঠটো আছে। (ইতি প্ৰস্থান। ) কামদেবৰ প্ৰবেশ কামদেব। নিগতি। বন্ধ, কত আছে! নিগ। বাপা! তেওঁৰ কালিৰে পৰ গা বেয়া।