| জয়ন্তী।
|
কব নেলাগে। ইয়াৰ আজি বাজ পাম। এওঁয়ে সইতে আগেয়ে তেওঁৰ সাক্ষাৎ নাই মুঠে আজিহে হব পায়। হলেও মুঠে সাক্ষাৎ মাত্ৰহে। হঠাৎ কেনেকেইনো অইন হব। নবমীৰ যেতিয়া আগবিয়া হোয়া নাই, তেতিয়াই তেওঁ মোমাইএকৰ ঘৰলৈ গইছিল, আজি কেইবা বছৰ মানৰ মূৰতহে আহিছে। অইন একো হোয়া নাই। পূৰ্ব্বৰ পৰা যে চিনাকী আছে সিও মনে নধৰে। কিয়নো থাকিলে নবমী সেই বিষয়ত এনে আজলা নেথাকিল হেঁতেন। দেখা নাইনে একোকে নেজানে।
|
| উৰ্ব্বশী।
|
মোৰোটো সেইটো মনে ধৰিছে। বাৰু এতিয়া ঘৰলৈ যাওঁ। কতো ই কথা ফাচ নকৰিবা। হয়েই কি নহয়েই। সখি! যাওঁ দেই। ৰাতিকে একেলগে নবমী লগউৰুৰ ঘৰলৈ জাম।
|
[ ইতি ক্ৰমে ক্ৰমে নিষ্ক্ৰান্তা ]
চতুৰ্থ দৰ্শন
হৰনাথৰ বাটী
হৰনাথ আৰু নিগদতিৰ প্ৰবেশ।
| নিগ।
|
জানো দেউতা কব নোয়াৰো। কালি কামদেউ বপাৰে সইতে ফুৰিবলৈ গইছিল। তাৰপৰা আহি (২৯) লৰা লৰিকৈ শিব পূজা কৰি, অইন বেলি হলে সাৰে থাকে ই বেলি সাৰেও নেথাকিল, তেনেই শুলে। জানো দেউতা কি হল। কাকো ওচৰলৈ যাব নিদিয়ে। মাজে মাজে একো একোটা বৰ হুমুনিয়াহ কাঢ়ে।
|
| হৰ।
|
কিনো হল বাকলি? লৰাটৰ এটানে এটা লগৰ পৰা নুগুচেই। ময় এই পিনে ফুৰি আহোঁ গই। তই ইয়াতে থাক, হেঁকোটো আৰূ কঠটো আছে।?
|
| কামদেব।
|
নিগদতি। বন্ধু কত আছে!
|
| নিগ।
|
বাপা! তেওঁৰ কালিৰে পৰ গা বেয়া।
|