সমললৈ যাওক

পৃষ্ঠা:ৰাম-নবমী নাটক.pdf/২২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ৰামনবমী নাটক প্ৰমাণ। এতেকে অবশ্যে পুৰুষ সম্ভাষ কৰিব পায়। তাৎপৰ্য্য যি সি যাৰ দ্বাৰা সিদ্ধি হয় সেই, এই স্বামী। ৫১ বিবাহৰ মংখ্য ময় এওঁক ভজনা কৰি অন্যৰ প্ৰতি মন নকৰি থাকো মাত্ৰ তেনেহলে মোৰ পতিসেবা হল। এজন পতি মৰিলেই যে অইন পতি হব নোয়াৰে ই কোনো কোনো শাস্ত্ৰত আছে থাকিলে কি হয়? শাস্ত্ৰনো কি? ঈশ্বৰৰ নিয়মৰ ওপৰত কোনো শাস্ত্ৰ হব নোয়াৰে। আৰু তিৰোতাই যে এবাৰ স্বামী মৰিলে বিয়া কৰাব নেপায় পুৰুষেনো কিয় আকৌ পায়? ইয়াতে থাকি জনা গইছে, সে পক্ষপাত আছে। সেই পক্ষপাত সত্য কালত চলিছিল। এতিয়া আব্দ চলিব নোয়াৰে। ( ২৭ ) তাৰ প্ৰমাণ, পৰা হলে এনে নহল হেতেন। আৰূ আমাৰ মনেতেইবা অন্য পক্ষলৈ প্ৰেম কিয় কৰিলে লোকে অসতী দলিব? সি নহয়। জন্মিব? ভজনা ব? এওঁক ভা কিয়নো এওঁক ভজনা পতিব্ৰতা ধৰ্ম পালন কৰি যদি প্ৰথম বিবাহিতা স্বামীৰ দৰে এওঁতে কৰোঁ তেনে হলেই সতিত্ব ৰল। যাৰ স্বামী আছে তাই যদি অন্য পৰুষত আসক্তা হয়, তাই জানো সতী? এনে কেতিয়াও নহয়। এতেকে বিশ্বাস হইছে। ময় এওঁক ভজনা কৰি পতিৰতা ধৰ্ম মোৰ মনত দৃঢ় বিষাক্ত ধম'ৰ ওচৰত পতিত নহওঁ। ৰাম। ৰাম! কি কথা পালন কৰিলে কেতিয়াও ভাবিছোঁ। ( স্পষ্টকৈ ) ৰাম! আজি গাটো বৰকৈ পৰিছে। নাহৰৰ পাতো আনিব নোয়াৰিলোঁ। শিবকান্তৰ পদ,লী পাই ঊৰ্ধ্বশী। সখী! আমি এইপিনে যাওঁ। তুমিও ঘৰলৈ যোয়া৷ ৰাতিকৈ আকৈ আহিম। নবমী। বাৰু সখি। (নবমী আৰু পেলনীৰ প্ৰস্থান। ) ঊৰ্ধ্বশী। নবমী লগৰ কিবাহে কথা। ফলনী বাৰীৰ বাঁও ফালে চপা ফুলৰ তলত কোনে থিয় হই আছিল দেখিছানে জয়ন্তী। দেখিছো। তেওঁ মোৰ এক সম্বন্ধে দেওৰ হয়। তেওঁৰ মোমায়েকৰ পাতেক। তেওঁ তেইনে। বাৰু? ঊৰ্ব্বশী। এতিয়া আমাৰ অইন একো প্ৰকাশ কৰিবৰ আবশ্যক নাই। নহলেনো লৰা মান,হ হাঁহি হেন দিন কেনেকেই খেদাব। গাতে গম নে পাইছা। (২৮)