সমললৈ যাওক

পৃষ্ঠা:ৰাম-নবমী নাটক.pdf/২০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ৰামনবমী ৪৯ নবমী। অইন দিনা যে ইমান চঞ্চল চিত্ত নহয় আজিনো হইছে কিয়? হৃদয় স্থিৰ হোয়া ৰাম। (তদ্ৰপ ) উঠিব লাগিব। তেওঁ থিয় হৈ আছে। পৰিচয় লব লাগে। মন অতিশয় চঞ্চল হইছে। নাঠিলে নহয়। ( স্পষ্টকৈ ) নাৰায়ণ। নৰায়ণ। ইমান বেলি শলোঁ কোনেও নেমাতিলেও। সন্ধ্যা লাগিল। [২৪] নবমী। (লজ্জায় নম্ৰম,খী হই ওৰণি টানি দি মনে মনে) কি আশ্চাৰ্য! আজি মোৰ কিয় এনে হইছে? মোৰ দেখোঁ এই অচিনাকি পুৰুষ জনে সইতে কথা বাৰ্ত্তা কবৰ ইচ্ছা হইছে। অধিক কি? তেওঁৰ কোলাত যেন বহিম গই। ৰাম। ( তদ্ৰপ ) এওঁয়ে সইতে নো কি ছলেৰে কথা কওঁ! উঃ যেন কোলাত লম। নবমী। (তদ্ৰপ ) সখীউৰুয়ে এতিয়াই মাতিব! মোৰ ইয়াত থকা উচিত নহয় কিন্তু এওঁক এৰি যাবৰো সত নেষায় সৰ্ব্বদা চকুৰ নিমিষ নমৰাকৈ যেন চাই থাকিম। তেও যেন তৃপ্তি নহয়! নহয়! যাবহে লাগে। নহয় নেযাও। যাবহে লাগে। ( এই বালি দ,খোজ মান কাঢ়ি পিছলি উভতি চাই ) অঃ কিয় এনে হল? ইয়াৰ পৰা ম,খ ঘ,ৰাই এখোজো ধাবৰ মন নেযায়। ( এইবলি আকৌ দোখোজমান কাঢ়ি উভতি চালে )। ৰাম। ঈশ্বৰৰ কি ইচ্ছা। মোৰ যেনে অবস্থা বোধ হয়, সেই স্বৰ্গ সন্দেৰীৰো তেনে অবস্থা। নতুবা এই দৰে গই গ‍ই উভতি কিয় চাব? আৰু মোৰ চকুয়ে চকু পৰিলে সিফালে চায়। নপৰিলে মোৰ ফালে একেথৰে চায় থাকে। নেপথ্যৰ পৰা – আই অ! আইয়ে মাতিছে। নবমী। ( মনে মনে ) অঃ বাইয়ে মাতিছে মৰনো আজি কেনেকেই যাওঁ। ইয়াৰপৰা যোয়াতকৈ দেখোঁ পৰি মৰাই ভাল। ৰাম। (তদ্ৰপ ) কোনোবাই এই কন্যাক মাতিছে। ময় অলপ আঁতৰ হই, চাঁপা ফালৰ তললৈ যাওঁ। [ এইবংলি চাঁপা ফালৰ তললৈ গল। [ পেলনীৰ প্ৰবেশ পেলনা। আই অঃ খৰকৈ আহ। নবমী। ( মনে মনে ) সেই পক্ষ জনো আঁতৰলৈ গল! আঃ সেই জন গছৰ তলত থিয় হই আছে। হাঁ গোসাই! মই কেনেকেই এওক নেদেখি থাকিম? 8