এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৮
ৰামনবমী নাটক
| ৰামচন্দ্ৰ। | শ্ৰীগুৰো! শ্ৰীগুৰো! শ্ৰীগুৰো! সূৰ্য্য ৰাতি পুয়াল, সূৰ্য্য উদয় হল ময় ইহাতে শুই থাকিলে। শিব পূজা কৰাও নহল। পিতায় বা কি বোলে বন্ধুয়েও নেমাতিলে। (কাতি হই পশ্চিমৰ ফালে নিৰীক্ষণ কৰি সূৰ্য্যক চকা পাটত বহা দেখি) নে-নহয়। এটা সূৰ্য্য অস্ত আৰু এটা উদয় হব নোয়াৰে। এইটো চন্দ্ৰহে উদয় হব ধৰিছে। চন্দ্ৰই বা কেনেকৈ হব? আজি কৃষ্ণপক্ষৰ চতুৰ্দ্দশী শিবৰাত্ৰি। এনেইবা কিয় হব? সমাজিক দেখিছো নে কি? না সিও নহয়। বন্ধু আৰূ অলপতে মুঠে ফুল তুলিবলৈ গইছে। এতিয়াই আহিব। চাও কি হল। (পিছত নবমী কিছু ওচৰলৈ অহাত মনুষ্যৰ আকাৰ হেন দৃষ্টি কৰি) আহা! ধন্য। ধন্য। এই জনা অপেস্বেৰা স্বৰ্গৰ পেৰা নামি, এই সৰোবৰত ক্ৰীড়া কৰিবলৈ আহিছে। ময় ইয়াতে টোপনীৰ ভাও যুৰি থাকোঁ পিছত দেবতা নে, গন্ধৰ্ব্ব নে, মানুহে জনা যাব। ( এই বুলি টোপনীৰ ভাও যুৰি ৰল।) |
| নবমী। | এই জনানো কোন? নাগেশ্বৰৰ তলত ফুলনী পহৰ কৰি আছে ময় কেনেকৈই ওচৰলৈ যাঁও। (২৩) নাহৰ পাত আনিব লাগে। এওঁক মানুহহেন হে দেখিছোঁ কিন্তু সংসাৰত যিবিলাক মানুহ দেখোঁ সেই সকলোতকৈ এওঁক পৃথক যেন দেখোঁ। এওঁৰ শৰীলত দৈব শক্তি আছে। নতুবা এনে নহয়। তেওঁ শুই আছে এবেলি তেওঁৰ ওচৰেৰে গা মাৰি যাঁও। তাতে ভালকৈ দেখিম। (এই বুলি ৰামচন্দ্ৰৰ ওচৰেৰে গা মাৰি গল যাঁওতে মনে মনে) এঁও অবশ্যে মানুহ তাত কোনো কোনো সন্দেহ নাই। |
| ৰাম। | (তদ্ৰুপ ) অঃ ছাঁ আছে। অবশ্যে মানুহ। কিন্তু এটা কথা। এওঁক যিৰূপে বয়সিয়াল দেখা গইছে সেই ৰূপ অলংকাৰাদি একো নাই। বোধহয় স্বামীহীনা হব পায়। অঃ অবশ্যে হয়। কপালত সেন্দুৰ নাই হা। কিয় তেওঁৰ প্ৰতি স্নেহোদয় হইছে? |
| নবমী। | (তদ্ৰুপ) হৃদয় ইমান চঞ্চল হইছা কিয়? |
| ৰাম। | ( তদ্ৰুপ) এওঁৰ পৰিচয় লোৱা নিতান্ত আবশ্যক। কেনেকেই লওঁ। কেনো কথা আৰূ বন্ধু, এতিয়াই আহিব। ময় যদি এওঁত উপযাচক হই আগবাঢ়িগৈ শোধোঁ এওণেইবা কি বুলিব? বন্ধুয়েইবা নাইবা কি বুলিব? |