সমললৈ যাওক

পৃষ্ঠা:ৰাম-নবমী নাটক.pdf/১৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
৪৬

ৰামনবমী নাটক পেলনী। বল! তোৰ লগত ময় হেবাথৰী খালোঁ। আইত কইছিলিনে? নবমী। কোয়া নাই। সোণালী! আইত শুদধি আহগই যা। হেনে আমি ফালনীৰ সৰোবৰ ফাৰিবলৈ ওলাইছো। নেপথ্যেৰ পৰা। বাৰু। [ সোণালীৰ প্ৰস্থান ] সোণাফালীৰ প্ৰবেশ। সোণাফালী। আইদেও আয়ে যাব দিছে। নবমী। বাই চাচোঁ? এই আজিকালি বৰ উদ'ড হইছে। ঊৰ্ধ্বশী অঃ সখী। বলা। বাৰু বলা। জয়ন্তী পেলনী। আই নবমী! তয় মাজত যা। ফালনীলৈ গমন। জয়ন্তী। বাই। সখীক কোনেও ধৰি নিনিয়ে, দে-দে-হওক দে, মাজত নিও। পেলনী। নহয় আই! আমাৰ হইছে কপাল বেয়া, সেই দেখিহে কওঁ। (ফালনীত উপস্থিত এবং চতুৰ্দ্দিকে ভ্ৰমণ ) জয়ন্তী। সখি! চোয়াচোন কে চোয়াচোন কেনে সন্দেৰ ঠাই, ইয়৷তনো কাৰ মনত তৃপ্তি নজনমে। [২০] ঊৰ্ব্বশী। ইয়াত এনে অনভব হয় যেন স্বয়ং বসন্ত ৰাজত্ব কৰিছেহি! (এই বলি এটিয়া এটি হই সকলোৰে ভ্ৰমণ। ) নবমী। ঔ! সখি ধৰ। ঔ বাইধৰ! সকলোৰে। কি হল? কি হল, কি হল? নবমী। এই ভোমোৰাটো মোৰ মুখৰ ওচৰলৈ আহি বৰকৈ ভোঁ ভোঁ কৰি উৰি গল। তেতিয়াৰে পৰা মোক সৰ্ব্বনাশ কৰিছে। ঊৰ্ব্বশী। তোমাক নকৈ ফাটা পদ্ম হেন দেখি সেই দৰে কৰিছে। অইন একো নহৰ। ** জয়ন্তী। লগে যি কথা কইছে মিচা নহয়। তুমি বাস্তকতে নকৈ ফাটা পদ্ম। তোমাৰ মধ, আজিলৈকে কোনেও পান কৰিব পৰা নাই। নবমী। তোমাৰ আকা? জয়ন্তী। (হাঁহি হাঁহি ) আমাৰ হলে মধ্য নাই। এতিয়া গৰ হইছে। অভাৱতহে। তেওঁ ভালকৈ জন্যই চুহিলে মধ; পাব। কিন্তু তোমাৰ দৰে