সমললৈ যাওক

পৃষ্ঠা:ৰাম-নবমী নাটক.pdf/১৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৫
ৰামনবমী নাটক
নবমী। ওঁতো। নোয়াই তোলনী হবৰ পিছবেলী নোয়াৰা হবৰে পৰা বৰকৈ গা যায় সেই দেখিহে হবলা?
উৰ্ব্বশী। (জয়ন্তীৰ প্ৰতি) সখী। শুনিছানে? শান্তিয়নি হোয়া হলে এনে নহলহেঁতেন। আইও দেহি ডুুখুৰী একোকে নেজানে আমি তেও যমৰ আগত কবলৈ এবেলি পালোঁএই। এ ওক হে ঈশ্বৰে বঞ্চিলে। (১৮)
জয়ন্তী। যাৰ যি কঁপাল। সেইবোৰ এৰি পেলোয়া। এতিয়া আমি অলপ শোকতে আনন্দ কৰোঁ।
নবমী। লগ! বলা এবেলি ফুলনীৰ সৰোবৰ ফুৰি আহোঁগই। পিছে আহিও ঘৰা ঘৰি যাবা।
উৰ্ব্বশী। কোন কোন যাবনো?
নবমী। কিয়? কিয়? তুমি, ময়, সখী আৰু সোণাফুলীক লগত নিম। আৰূ লাগে যদি কুমলী আইটিকো নিব পাৰোঁ।
জয়ন্তী। তাইক ( কুমলীক ) নিব নালাগে। তাই থাকিলে আমি একো হাঁহি মাতি দুঃখ সুখৰ কথা কব নোয়াৰিম। তাই পোনেই গই আইৰ আগত কই দিয়েগই। তত আকৌ যেনেহে কবৰ ঠাই নাই। মুখতে দন্দ্ব। যতো ময় দেখিহে। তেওঁ মোক আয়ে সইতে দন্দ কৰিবলৈ হাক দিছে। নিদিয়া হলে ময় পাৰিলোঁহেঁতেন।
উৰ্ব্বশী। এনেকেই যাব নোয়াৰো। আমাৰ সিদিকি এনেই দুৰ্যশস্যাৰ সীমা নাই তাতে আকৌ আজি সাঁজবেলীয়া ফুৰিবলৈ গলে আৰূ ৰক্ষা পাম নে? “পচোয়া বতাহে দুয়াৰ মেলে, বৰলাৰ গাত দায়” লগা কথা। যদি পেলনী বাই যায় তেনেহলে যাব পাৰোঁ।
নবমী। বাৰু! হেৰ সোণাফুলী! সোণাফুলী অ। এঃ বাকলি এই জনীক দেখোঁ আমাৰ নিচিনা মানুহে মাতিলে মাতিও মাত নেপাঁও। এই আজি কালি বৰ ৰসকি হইছে। হেৰ সোণাফুলী।
নেপথ্যৰ পৰা। আইদেও। গইছোঁ!
নবমী। বেগতে আহ। বাইকো মাতি লৈ আহ। [১৯]

সোণাফুলী আৰু পেলনীৰ প্ৰবেশ।

নবমী। বাই বল! মোৰে শপত বল! ফুলনীৰ সৰোবৰ ফুৰি আহোঁগই সখীউৰুও যাব।