এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
দিহা নামৰ সম্ভাৰ
খৰ চাপৰিঃ-
অ' হৰি অ' অ' ৰাম নাৰায়ণ
ৰাম হৰি অ অ ৰাম নাৰায়ণ .
পদঃ-
নৰ দেহা বিনে জ্ঞান ভক্তি দুইকো
সাধিক নপাৰয়,
এতেকে নাৰকী স্বৰ্গীয়ো ইহাক
সদায় বাঞ্চা কৰয়।
আত্মা অন্তৰ্যামী আনন্দ স্বৰূপ।
পাৱয় মোক সাক্ষাত,
এতেকে পৰম শ্ৰেষ্ঠ নৰতনু
কহিলো মই তোমাত।
মুকুতিৰ ইটো মেলান দুৱাৰ
ভাৰতে নৰ শৰীৰ,
হেন দেহা পায়া গৃহে কৰি ৰতি
নকৰি সেৱা হৰিৰ।
বিষয় ভোগাদি কৰিবে সমৰ্থ
হোৱয় সিটোসকল,
এতেকে কৃষ্ণৰ সেৱায়েসে মাত্ৰ
মনুষ্য-দেহৰ ফল।
জ্ঞান-বিজ্ঞানক সাধয় শৰীৰ
ভাৰত-ভূমিক পাই,
কৃষ্ণৰ চৰণ সেৱা কৰিবাক
তথাপি যতন নাই॥
আন পৰিহৰি লৈয়ো যত্ন কৰি
সাধু সঙ্গ অবিশ্ৰাম,
গুচিবে দুৰ্গতি মিলিবে মুকুতি
বোলা সদা ৰাম ৰাম।
.........................
(৮৯)