সমললৈ যাওক

পৃষ্ঠা:ৰামনিৰঞ্জনভকতিপ্ৰৱাহ.pdf/৯৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
দিহা নামৰ সম্ভাৰ

৪৮। মূল ঘোষা:-

প্ৰকৃত মহত্ব অহংকাৰ বুদ্ধি মন,
বহুবিধ বিষয় ইন্দ্ৰিয় দেৱগণ।
জানিয়া সবাকো যিটো পুজে ঈশ্বৰক,
লিঙ্গদেহ এৰি পাৱে স্থান বৈকুণ্ঠক।

পদ:-

মুকুতি মিলিবে ভকতিৰ প্ৰসাদত,
লিঙ্গ দেহ দহিবে অজ্ঞান প্ৰথমত।
যেন প্ৰাণী অন্ন পান ভূঞ্জে যত যত,
উদৰৰ বহ্নি জিৰ্ণ কৰয় সমস্ত॥
সেহিমতে ভকতিয়ো লিঙ্গ জীৰ্ণ কৰে,
বিনা যত্নে জীৱন্তে মুকুতি পাৱে নৰে।
হেন জানি ভকতিক দৃঢ়ে কৰা সাৰ,
ভকতিত পৰে সংসাৰত নাহি আৰ॥
এক বাসুদেৱতে সে কৰিব ভকতি,
নকৰিব আন একো দেৱতাতো ৰতি।
ভকতি পন্থত এক দেৱ নাৰায়ণ,
শুনা সাৱধানে আক থিৰ কৰি মন॥
সত্ব ৰজ তম প্ৰকৃতিৰ তিনি গুণে,
ধৰা তিনি মূৰ্ত্তি এক পুৰুষ আপোনে।
ৰজো গুণে ব্ৰহ্মা হৈয়া স্ৰজে চৰাচৰ,
সত্ব গুণে বিষ্ণু ৰূপে পালে নিৰন্তৰ॥
তমো গুণে ৰুদ্ৰ হুয়া সৃষ্টি সংহৰন্ত,
তিনি গুণে তিনি ৰূপে একে ভগৱন্ত।
যদ্যপি ভজনি হোৱে তিনিও ঈশ্বৰ,
তথাপিতো বিষ্ণুতেসে সিদ্ধি মনুষ্যৰ।

(৯০)