পৃষ্ঠা:ৰামনিৰঞ্জনভকতিপ্ৰৱাহ.pdf/৯৭

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
দিহা নামৰ সম্ভাৰ


৪৭। মূল ঘোষাঃ-

ব্ৰহ্মাৰ বাঞ্চনি  দুৰ্ল্লভ মানৱী
 ভাৰতে নকৰা বৃথা।
ভকতৰ সঙ্গে  যতন কৰিয়া
 শুনা সদা হৰি কথা॥

পদঃ-

উদ্ধৱক প্ৰতি  মাধৱে বোলন্ত
 শুনিয়োক মহাশয়,
পৰম দুৰ্লভ  নৰতনু-নৌকা
 সুলভে পায়া আছয়।
বিনাশী যদ্যপি সাধয় তথাপি
 পুৰুষাৰ্থ সমস্তক,
নতু পৰে যাৱে শীঘ্ৰে যত্ন তাৱে
 কৰোক মোক্ষ-সুখক।
উদ্ধৱৰ আগে মাধৱে বোলন্ত
 আতি শ্ৰেষ্ঠ নৰতনু,
দেৱৰ বাঞ্চনি পৰম দুৰ্লভ
 নাপায় জানা আক পুনু।
হেন নৰতনু পায়া ভাৰতত
 নকৰি আমাত ৰতি,
পৰম দুৰ্ঘোৰ নৰকত পৰি
 ভূঞ্জয় ঘোৰ দুৰ্গতি।
ভাৰতে দুৰ্ল্লভ  নৰ-দেহ পায়া
 কেশৱক নসুমৰে,
সিটো জ্ঞানশূণ্য অজ্ঞান পৰম
 মূৰ্খ নাহি তাত পৰে।

(৮৮)