পৃষ্ঠা:ৰামনিৰঞ্জনভকতিপ্ৰৱাহ.pdf/৯১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
দিহা নামৰ সম্ভাৰ

বৈশ্য জাতি ভৈলো অধিৰথ পিতৃ যাৰ,
জাত ধৰ্ম্ম নাম কৰ্ম্ম কৰিলো আমাৰ।
মাতৃয়ে তেজিলে শত্ৰু তুলিলেক পাই,
পিতৃ মাতৃ অনুবদ্ধ তাসম্বৰ ঠাই।
এবে চিনা দিয়া আপোনাৰ হিত মানি,
জানো কৰ্ণে মাৰে মোৰ পুত্ৰ পাঞ্চখানি।
একেশ্বৰে কৰিয়া স্বজিলে বিধাতাই,
এতকাল বহি গৈলা নাহি বন্ধু ভাই।
আকাশতে ৰহিয়া দেখিলা দিবাকৰে,
জানো কৰ্ণে জননীৰ বচন নামানে।
এহি মনে গুণি শীঘ্ৰে বেগে লৰি গৈলা,
কৰ্ণৰ আগত সূৰ্য্য উপস্থিত ভৈলা।
পিতা পুত্ৰ আলাপনে হৈব মনস্কাম,
সামাজিক লোকে ডাকি বোলা ৰাম ৰাম॥

.....................

৪৪। মূল ঘোষা:-
ৰাম নাম ভকতৰ গলৰ মণি,
হৰি নাম পাতকৰ জলন অগ্নি।
অ’ কৃষ্ণ নাম মুকুতিৰ মধ্যমণি,
হয় যদি একশৰণ তত্ব জানি।

পদ:-
মোৰ কথা শ্ৰৱন কীৰ্ত্তন বিনে আন,
নাহিকে ভকতি সখি দৃঢ় কৰা জ্ঞান,
অ’ মোৰ কথা শ্ৰৱনত কৰিবেক ৰতি
আকেসে বুলিয় সখি উত্তম ভকতি।
এৰি বিধি কিঙ্কৰ ধৰ্ম্ম সৱ কাম,
সুদৃঢ় বিশ্বাসে স্মৰা মোৰ কৃষ্ণ নাম।

(৮২)