পৃষ্ঠা:ৰামনিৰঞ্জনভকতিপ্ৰৱাহ.pdf/৯২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
দিহা নামৰ সম্ভাৰ

ইটো কৃষ্ণ নামতে সমস্তে আছে গুণ
হেন জানি কৃষ্ণ নাম স্মৰিও অৰ্জ্জুন॥
কৃষ্ণ কৃষ্ণ উচ্চৰে নভজে দেব আন
শুনিয়োক সখি তাক কৰো যেন মান॥
অ’ মনে মনে কৃষ্ণ বোলে যদি বা বেকত,
তথাপি সদায়ে ভ্ৰমো তাহাৰ লগত॥
কৃষ্ণ নাম সমস্তে নামতে শ্ৰেষ্ঠতৰ,
হুয়া এক শৰণ আমাত যিটো নৰ।
অ’ হেন জানি সমস্ত ধৰ্ম্মক পৰিহৰি
তৰিও সংসাৰ সখি কৃষ্ণ নাম স্মৰি॥
হাঁ কৃষ্ণ কৃষ্ণ বুলি স্মৰৈ প্ৰেম ভৱে,
তাৰ পাছে ফুৰো চক্ৰ ধৰি ভূমি পাৱে।
অ’ভকতিৰ আনন্দত আকুল হৃদয়
সিজনত গৈলো জানা আপুনি বিক্ৰয়॥
বেদৰো পৰম তত্ব কহিলোহো বাচি,
একে প্ৰিয় শিষ্য তুমি সখি সব্যসাচী।
অ’ মোৰ অংশে নৰ তুমি, নাৰায়ণ মই
জীৱ পৰমাত্মা ভেদে কিহলো নিশ্চয়॥

ভাঙনি ঘোষা:-
অ’ হৰি অ’ ৰাম নাৰায়ণ ....
(খৰ চাপৰি) ৰাম হৰি অ' অ' অ'.......ৰাম নাৰায়ণ।

পদ:-
সংসাৰতনাহি মোৰ নামক উপাম,
সমস্ত ধৰ্ম্মৰে ৰাজা জানা হৰি নাম।
অ’ মহাযাগ যোগ আদি নুহিকে সমান,
তাহাৰো অধিক এক নামেসে প্ৰধান।
যিটো জপ যজ্ঞ সৰ্ব্ব ধৰ্ম্মত উত্তম,
লক্ষভাগো নুহি জানা মোৰ নাম সম।

(৮৩)