পৃষ্ঠা:ৰামনিৰঞ্জনভকতিপ্ৰৱাহ.pdf/৯০

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
দিহা নামৰ সম্ভাৰ

পদঃ-

কৰ্ণে বোলে ৰাজ মাতা নুবুলিবা আৰ,
যিবেলা জন্মিলো মই গৰ্ভত তোমাৰ -আই
বুকুৰ বেদনা মোৰ নুবুজিলা।
সিবেলা নুতুলি মোক ধৰ্ম্ম পথ চাই,
মাৰিবেক মনে মোক দিলে উটুৱাই -আই
বুকুৰ বেদনা মোৰ নুবুজিলা।
কন্যা হুয়া নুগুনিলা কৰিলাহা পাপ,
আগে মোক তেজি পাছে কৰাহা বিলাপ -আই
বুকুৰ বেদনা মোৰ নুবুজিলা।
মাতৃ হুয়া নুগুনিলা নিদাৰুণী ভৈলা,
শত্ৰুৰ পুত্ৰক যেন গঙ্গাত পেলাইলা -আই
বুকুৰ বেদনা মোৰ নুবুজিলা।
স্বামী গৃহে যাইবে ভাৱি নুগুনি মনত,
তেবে মোৰ কুযশ ৰাখিলা জগতত -আই
বুকুৰ বেদনা মোৰ নুবুজিলা।
কুন্তীয়ে কৰ্ণক বুলিলেক যত মানে,
তাকে শুনি মনে গুণি বুলিলাক কৰ্ণে -আই
বুকুৰ বেদনা মোৰ নুবুজিলা।
দুহান্তৰ বাক্য কৰ্ণে অনেক গুণিলা,
নিজ সত্য হন্তে অনুমাত্ৰ নলৰিলা -আই
বুকুৰ বেদনা মোৰ নুবুজিলা।

ভাঙনি ঘোষাঃ-

বিধিৰ বিধানে ভীক্ষা পাত্ৰ হাতে লৈ।
পুত্ৰক মাগিলে ভীক্ষা কুন্তী মাৱে গৈ॥

পদঃ-

তযু গৃহে ক্ষত্ৰিয় কুলত জাত ভৈলো,
তোমাৰ নিমিৰ্ত্তে মই জাতি হেৰুৱাইলো॥

(৮১)