পৃষ্ঠা:ৰামনিৰঞ্জনভকতিপ্ৰৱাহ.pdf/৭৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
দিহা নামৰ সম্ভাৰ

নীচত সাধুত যাৰ ভৈল এক জ্ঞান,
তাহাকেসে পণ্ডিত বুলিয় সৰ্ব্বজন।
বিশেষত মনুষ্যগণত যিটো নৰে,
বিষ্ণু বুদ্ধি ভাৱে সৰ্ব্বদায় মান্য কৰে।
ঈৰিষা অসূয়া অহংকাৰ তিৰস্কাৰ,
সবে নষ্ট হোৱৈ তেবে তাৱক্ষণে তাৰ।
কুকুৰ শৃগাল গৰ্দৰ্ভৰো আত্মাৰাম,
জানিয়া সবাকো পৰি কৰিবা প্ৰণাম।
সমস্ত ভূততে বিষ্ণু বুদ্ধি নোহে যাৱে,
কায় বাক্যমনে অভ্যাসিবা এহিভাৱে।
বিষ্ণুময় দেখে যিটো সমস্ত জগতে,
জীৱন্তে মুকুত সিটো অচিৰ কালতে।
সকল প্ৰাণীক দেখিবাক আত্মসম,
উপায় মধ্যত ইটো আতি মুখ্যতম।
এতেকে উদ্ধৱ তুমি তেজা বেদ পন্থ,
যিবা জানা-শুনামানে এৰা আন গ্ৰন্থ।
এক মাত্ৰ মোতে তুমি লৈয়োক শৰণ,
নকৰিবা ভয় হেৰা কৰিবো ৰক্ষণ।

৩৮৷ মূল ঘোষা:-
নাকান্দা নাকান্দা তুমি, ঐ উদ্ধৱ গকুলক যোৱা।
ব্ৰজৰ গোপীয়ে কান্দে ঐ উদ্ধৰ ভক্তিজ্ঞান দিয়া॥
বিদুৰক দিবে জ্ঞান ঐ উদ্ধৱ মৈত্ৰেয় মহা মুনি।
লুপ্ত হৈৰ ভক্তি পন্থ ঐ উদ্ধৱ গলে তুমি আমি॥

পদ:-
নিগদতি শুক মুনি ঐ শুনা নৃপবৰ,
ভকতৰ সন্তাপ ঐ দেখি পিতাম্বৰ।

(৭০)