সমললৈ যাওক

পৃষ্ঠা:ৰামনিৰঞ্জনভকতিপ্ৰৱাহ.pdf/৭৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
দিহা নামৰ সম্ভাৰ

ইটো পাদ পদ্ম  দুনাই নেদেখিবো
 কৰিবো কাহাক সেৱ,
ইজন্মক লাগি  আজি এৰি যাওঁ
 মোৰ প্ৰাণ ইষ্টদেৱ।
দেৱৰো দুৰ্ল্লভ  দুখানি চৰণ
 কত পুণ্যে পাইলো লাগ,
চিৰকাল আক  সেৱিতে নাপাইলো
 মিলিল মোৰ অভাগ।
আউৰ কাক দেখি  ৰাখিবো জীৱন
 ভৈলো অন্ধ সমুদায়,
ঐ প্ৰাণ হৰি  পৰিচ্ছেদ কৰি
 ক্ষণিতেক থাকো চাই॥
এহি বুলি পদ  পঙ্কজক তুলি
 থৱন্ত কতো মাথাত।
কতো আখি মুখে ঘসন্ত সাবতি
 থাপ কতো মাথাত॥

ভাঙনি ঘোষা:-
বৈকুণ্ঠলৈ যোৱাৰ আগে অশ্বস্থৰ তলে।
ৰহস্য ভকতি কৃষ্ণে উদ্ধৱক কলে॥

পদ:-
শুনিয়ো উদ্ধৱ আৰ ৰহসা ভকতি,
কৰিবা অভ্যাস তুমি থিৰ কৰি মতি।
সমস্ত ভূততে ব্যাপি আছো মই হৰি,
সবাকো মানিবা তুমি বিষ্ণু বুদ্ধি কৰি।
ব্ৰাহ্মণৰ চণ্ডালৰ নিবিচাৰি কুল,
দাতাত চোৰত যেন দৃষ্টি একতুল।

(৬৯)