ভৈলন্ত আকুল কৃষ্ণ ঐ জগত জনক,
কমল লোচন ভৰি ঐ বহৱৈ লোতক।
পীত বস্ত্ৰে মুচি মুখ ঐ পেহলাইলা নিশ্বাস,
স্নেহে উদ্ধৱক ধৰি ঐ বুলিলা আশ্বাস।
এৰি চিন্তা চিত্তথিৰ ঐ কৰা মহাশয়,
তযু দুখ দেখি মোৰ ঐ নসহে হৃদয়।
এবেসে জানিলা তুমি ঐ আমাৰ আশয়,
বংশক সংহৰি আমি ঐ চলিবো নিশ্চয়।
দ্বাৰকা নগৰ যাব ঐ সাগৰত তল,
মই গৈলে লোকত ঐ মিলিবে-বিমঙ্গল।
পীড়ীবে দুৰ্ঘোৰ কলি ঐ গুচিবে আচাৰ,
অধৰ্মত ৰতি হৈৰ ঐ যতেক প্ৰজাৰ।
তুমি আমি দুয়ো গৈলে ঐ মিলিবে অনৰ্থ,
লুপ্ত হৈব জ্ঞান ইটো ঐ ভকতিৰ পথ।
অধৰ্মে পীড়ীবে যাইব ঐ লোক অধোগতি,
ভকতিক ৰাখি তুমি ঐ থাকিয়ো সম্প্ৰতি।
মোৰ উপদেশে সখি ঐ নছৰিবা ভূমি,
শ্ৰৱন-কীৰ্ত্তন কৰি ঐ থাকিবাহা তুমি।
ভাঙনি ঘোষাঃ-
উদ্ধৱে কান্দিছে বাগৰি বাগৰি
কৃষ্ণৰ দুই পাৰে ধৰি।
ভকত ভগৱন্ত দুয়োকে দহিছে।
আজি হব এৰা এৰি॥
পদঃ-
শোকে মক মকি কান্দন্ত বিকলে
কতো চৰণত ধৰি,
সন্তাপতে আতি লোতকে তিয়াইল
মাধৱৰ দুই ভৰি।
(৭১)