এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
দিহা নামৰ সম্ভাৰ
মোত পৰে অনাথ নাহিকে আন কেৱ।
হেন মই দুখিতক তুমি বিনে আন,
নেদেখো কৃপালু যিটো কৰিবেক ত্ৰাণ।
জানো কৃষ্ণ তযু গুণ পৰম অমৃত,
তোমাৰ ভক্ত সঙ্গে পিয়ায়োক নিত।
তেবেসে দুৰ্ঘোৰ ভৱ ৰোগ হৈবে দূৰ,
কৰিয়োক কৃষ্ণ মোক কৰুণা প্ৰচুৰ।
তোমাৰ অভয় দুই চৰণ পঙ্কজে,
তাতে মোৰ মন মজি ৰহোক সহজে।
মই অভাগীক সিদ্ধি কৰা মনস্কাম,
সমাজিক লোকে ডাকি বোলা ৰাম ৰাম॥
৩৭। মূল ঘোষাঃ-
অশ্বস্থৰ তলে উদ্ধৱে কান্ধিছে
ঢাকুৰি ঢাকুৰি হিয়া।
প্ৰাণ কৃষ্ণনাথ নকৰা অনাথ
লগতে আমাকো নিয়া।
পদঃ-
স্বামীৰ আদেশ শুনিয়া উদ্ধৱ
উঠিলন্ত চালি গাৱ,
কৃষ্ণৰ বিয়োগে অগনি উধাইল
অধিকে আকুল ভাৱ।
কৃতাঞ্জলি ধৰি প্ৰদক্ষিণ কৰি
ঘূৰিলন্ত বাৰ সাত,
কৃষ্ণ কৃষ্ণ ৰতি দণ্ডৱতে পৰি
কৰিলন্ত প্ৰণিপাত।
(৬৮)