পৃষ্ঠা:ৰামনিৰঞ্জনভকতিপ্ৰৱাহ.pdf/৭৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
দিহা নামৰ সম্ভাৰ

ব্ৰজহস্তে ধেনু  চাৰিবাক সহো
 আমাৰ মনে আসুখ,
যেনে পাদ পদ্ম  তৃণশীলা লাৰি
 প্ৰাণ নাথে পান্ত দুখ।
তোমাৰ চিন্তায়ে  দিন বহি যায়
 গধূলি গোপাল আসি,
অলকা আকৃত  গোৰঞ্জে ৰঞ্জিত
 দেখুৱা মুখ প্ৰকাশি।
পুনু পুনু দেখাই  বদন পঙ্কজ
 মনত অৰ্পা মদন,
তোমাৰ সঙ্গতি  নাপাই দুখে ৰাতি
 জানিয়া চিন্তো চৰণ।
আমাৰ হৃদয়  জানি কৃপাময়
 এৰিয়ো কপট মতি,
দিয়া দৰিশন  আমাৰ জীৱন
 ৰাখিয়োক প্ৰাণ পতি।

ভাঙনি ঘোষা:-
কৃষ্ণসে পৰম তত্ব জানি ব্ৰজবাসী।
কৃষ্ণতে শৰণ লৈ আন যত ত্যেজি।

পদ:-
শ্ৰদ্ধাভাৱে কৰে যিটো কীৰ্ত্তন সতত,
পৰম ভকতি তাৰ মিলয় কৃষ্ণত।
জানিবা কীৰ্ত্তন পৰ ভৈল যিটো নৰ,
সমস্ত ভকতি সিদ্ধি ভৈল সিজনৰ।
হৰি গুণকীৰ্তনত কৰিয়োক ৰতি,
কীৰ্ত্তনেসে মাধৱৰ উত্তম ভকতি।
নমো নমো কৃষ্ণ অনাথৰ নাথ দেৱ,

(৬৭)