পৃষ্ঠা:ৰামনিৰঞ্জনভকতিপ্ৰৱাহ.pdf/৭৫

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
দিহা নামৰ সম্ভাৰ


বহৱৈ আনন্দে নয়নৰ নীৰ ধৰি,
মহাযোগীজনে যেন যাকৈ ধ্যান কৰি।
এহিমানে কৃষ্ণক চাহন্তে গোপীগণ,
মিলি গৈল উৎসৱ শীতল তনু মন।
এৰাইল বিৰহ তাপ আনন্দে ভৰিল,
ভকতক পায়া যেন সংসাৰী তৰিল।
প্ৰাণ বন্ধু মাধৱক কৰিয়া সন্মান,
আঞ্চল পাৰিয়া দিলা বসিবাৰ স্থান।

.....................

৩৬। মূল ঘোষাঃ-

পূৱাইল ৰজনী  উঠা বনমালী অ’
 ধেনু চাৰিবাক লাগে।
ত্ৰিজ গত পতি  ৰাখোৱাল আজি
 কেনেকৈ যশোদাই পালে।

পদঃ-

জগত ৰাখিবে লাগি যদু কুলে অ’
 আপুনি ভৈলা বিদিত,
শুনা মহাভাগ  ভকতক ত্যাগ
 কৰিবে নুহি উচিত।
বিনাশে সংসাৰ  ভয় ভকতৰ অ’
 পুৰে মনোৰথ যত,
হেন হস্ত পদ্ম আনি প্ৰাণ নাথ
 দিয়োক আসি শিৰত।
হে ব্ৰজ ধন দুঃখ হাৰী হৰি
 আমি কিঙ্কৰিক ভঞ্জ,
মোহন হসিত কটাক্ষে সহিত
দেখায়ো সুখ পঙ্কজ।

(৬৬)