পৃষ্ঠা:ৰামনিৰঞ্জনভকতিপ্ৰৱাহ.pdf/৭৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
দিহা নামৰ সম্ভাৰ

তাক শুনি দেৱনাৰী সমস্তে মুৰ্চ্ছিত,
কাম বাণে চিত্ত আতি হুয়া জৰ্জৰিত॥
বস্ত্ৰ মহা মোহ হুয়া তনু এৰি পৰে,
স্বামীৰ কাষত পাছে লজ্জা হোৱৈ বৰে।
হেন হৰি যেখনে বাংশীক নাদ কৰৈ,
গৰু মৃগ গণৰো তেখনে চিত্ত হৰৈ॥
নাম ধৰি ধেনুক ডাকন্ত বাংশীৰায়ে,
নদীসবো শুনি স্তম্ভি থাকৈ মৌনভাৱে।
কতো গোপী বোলৈ সখিসব শুন শুন,
গোপগণে তেখনে বৰ্ণাৱে কৃষ্ণ গুণ॥
বাংশীৰ নিদানে হৰি ডাকি আনা ধেনু,
শুনি তৰু লতা প্ৰেম পুলকিত তনু।
কিমতে বৰ্ত্তিবো হেন কৃষ্ণক নেদেখি,
সুন্দৰ অধৰে সেবে কৰে বাংশী ধ্বনি॥

ভাঙনি ঘোষা:-
গোপীয়ে কৰিলে ত্যাগ বিষয় জঞ্জাল।
তাকে দেখি খেলা কৰে মদন গোপাল॥

পদ:-
গোপীকাৰ দেখি প্ৰেম ভাৱ বিপৰীত,
ভৈলন্ত গোপাল আতি আকুলিত চিত্ত।
আনন্দ বঢ়ায়া গোপীগণৰ মধ্যত,
পৰম মধুৰ মুক্তি ভৈলন্ত বেকত।
দেখি ৰূপ মদনৰো মোহন সাক্ষাত,
উঠিল আনন্দে সবে গোপী অসংখ্যাত।
এক দৃষ্টি কৰি কতো কতো গোপ গণে,
মুখ পঙ্কজক পিয়ে তবধ নয়নে।
নাহিকে তৃপিতি যদি পিয়ন্ত সততে,
কৃষ্ণৰ চৰণ যেন চিন্তত ভকতে।

(৬৫)