পৃষ্ঠা:ৰামনিৰঞ্জনভকতিপ্ৰৱাহ.pdf/৭৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
দিহা নামৰ সম্ভাৰ

পূৰ্ণ ব্ৰহ্মা তোক গৃহতে পাইলা লাগ।
ভকতৰ আনন্দ বঢ়াইয়া সৰ্ব্বক্ষণে,
শিশুলীলা অনেক কৰিলা নাৰায়ণে।
কেহো বেলা গোপীগণে গাৱা গীত,
তাসম্বাৰ প্ৰীতি সাধি কত কৰা নৃত্য।
কোন কৰ্ম্ম নকৰিলা হৰি গোকুলত,
ভকতৰ বশ্য হেন দেখাইয়া লোকত।
শয়ন সময়ে সব গোপ গোপীগণ,
যোগবলে বৈকুণ্ঠক নিলা নাৰায়ণ।
বৈকুণ্ঠবাসীৰ সবে মহিমা দেখাই,
গোকুলক লাগি প্ৰভূ আনিলা দুনাই।
পৰম ঈশ্বৰ কৃষ্ণ দেৱ নাৰায়ণ,
তান মহাভক্তি ইটো শ্ৰৱণ কীৰ্ত্তন।
কৃষ্ণৰ কিঙ্কৰে কহে ৰচিলা শঙ্কৰে,
ডাকি বোলা হৰি হৰি সমস্ত নৰে॥

..........................

৩৫। মূল ঘোষা:-
কৃষ্ণ গোসাঁই বাঁহী বজাই কদম্বৰ তলে;
ব্ৰজৰ গোপীয়ে বেঢ়ি নাচে তালে তালে।
বজোৱা বজোৱা কানাই বাঁহীটি তোমাৰ;
দূৰ কৰা যত তৃষ্ণা মাধৱ আমাৰ।

পদ:-
নিস্তাৰ কাৰক নাহি হৰি নাম বিনা,
কতো গোপী বোলে সখি কৃষ্ণ কথা শুনা।
বাম বাহুত এক গোপীক ধৰিয়া,
মধুৰ বেণুক আনি অধৰে অৰ্পিয়া॥
ৰন্ধ্ৰ মধ্যে কোমল আঙুলিচয় চালি,
যেতিক্ষণে বাংশী ডাক দেন্ত বনমালী।

(৬৪)