পৃষ্ঠা:ৰামনিৰঞ্জনভকতিপ্ৰৱাহ.pdf/৬৩

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
দিহা নামৰ সম্ভাৰ


অ’ বুদ্ধিক দিল কৃষ্ণ ৰূপক চিন্তোক,
চিত্তক দিলন্ত কৃষ্ণ অচলে ৰহোক॥
অহঙ্কাৰৰ সহিতে দিলন্ত অভিমান,
ঈশ্বৰ কৃষ্ণৰ মই ভৃত্য হৈবো জ্ঞান।
অ’সবাৰো আশ্ৰয় ইটো আছে দেহাগুটি,
কৃষ্ণ ভকতৰ পদধূলি লৈব লুটি॥
উপালম্ভা নাকৰিবা নামেসে ঈশ্বৰ,
নামে পিতা মাতা বুলি মন কৰা দৃঢ়।
অ’কাশ্যেপেও গুৰু মানি নাম লৈতে আতি,
নাৰদে মানিলে গুৰু চণ্ডাল নীচ জাতি॥
ইন্দ্ৰে নমানিয়া গুৰু আছিলে স্বৰ্গত,
চণ্ডালীনি ৰূপে লক্ষ্মী দেখাইলা পথত।
অ’আকে গুৰু মানি ইন্দ্ৰে ভৈলা কৃত-কৃত্য,
হেন গুৰু নমানিবে কোন ইটো চিত্ৰ॥

ভাঙনি ঘোষাঃ-

নাম লোৱা নাম লোৱা কলিযুগৰ প্ৰজা।
নাম শুনি গতি পালে পৰীক্ষীত ৰাজা॥

পদঃ-

শুনিয়োক সৰ্ব্বজন কৃষ্ণৰ চৰিত্ৰ,
আত পৰে আন পূণ্য নাহিকে কলিত।
অন্য ধৰ্ম্ম কৃষ্ণৰ লগত গুচি গৈল,
একস্থান হুয়া হৰি নাম মাজে ৰৈল।
এতেকেসে নামত সমস্ত পূণ্য পাই,
জানিয়া যতনে ফুৰা হৰি নাম গাই।
নামেসে কৰিৰে সৱ মনোৰথ সিদ্ধি,
জানিবাহা হৰিৰ নামেসে নৱ নিধি।
নামে তপ নামে জপ নামে যোগ ধ্যান,
নামে দান নামে পূণ্য কোটি তীৰ্থস্নান।

(৫৪)