কৃষ্ণ নাম বলিষ্ঠ বীয্যৰ নাহি সীমা।
তাতেসে নকৈলো কৃষ্ণ নামৰ মহিমা॥
কৃষ্ণ কৃষ্ণ উচ্চৰে নভজে দেৱ আন।
শুনিয়োক সখি তাক কৰো যেন মান॥
মনে মনে কৃষ্ণ বোলে যদি বা বেকত।
তথাপি সদায় ভ্ৰমো তাহাৰ লগত॥
কৃষ্ণ কৃষ্ণ বোলন্তে শৰীৰ ৰোমাঞ্চিত।
নেত্ৰৰ লোতক বহে দ্ৰৱ হোৱৈ চিত্ত॥
ভকতিৰ আনন্দত আকুল হৃদয়।
সিজনত গৈলা জানা আপুনি বিক্ৰয়॥
মোৰ কথা শ্ৰৱণ কীৰ্ত্তন বিনে আন।
নাহিকে ভকতি সখি দৃঢ় কৰা জ্ঞান।
মোৰ কথা শ্ৰৱণত কৰিবেক ৰতি।
আকেহে বুলিয় সখি উত্তম ভকতি॥
......................................
২৯। মূল ঘোষাঃ-
ৰাম নাম, নোলাই মুখত।
হৰি নাম, নপশে কৰ্ণত।
অ’ মানবী জনম লৈ সিটো মন্দমতি,
নকৰিলে যিটোজনে কৃষ্ণত ভকতি॥
পদঃ-
একাদশ ইন্দ্ৰি মায়া মদ অহঙ্কাৰ,
পঞ্চভূত সুক্ষ্ম পঞ্চ তন্মাত্ৰ তাহাৰ।
অ’ এহিসে চৌবিশ তত্ব দেহে হুয়া যুত,
দেহকেহে জানিবা বোলয় অধিভূত॥
জিভা মুখ দিলে সদা কৰোক কীৰ্ত্তন,
নামক স্মৰণে মন দিলে সৰ্ব্বক্ষণ।
(৫৩)