এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
দিহা নামৰ সম্ভাৰ
নামে ধন জন বন্ধু নামে পিতা মাতা,
নামে নিজ সুহৃদ নামেসে গতি দাতা।
ইহ পৰলোক নাম বিনেগতি নাই,
চাৰিও বেদৰ ইসে মুখ্য অভিপ্ৰায়।
হেনজানি নামৰ চৰণে চাপি ধৰা,
গৃহত থাকিয়া সুখে সংসাৰক তৰা।
কৃষ্ণৰ নামেসে ৰাজা সমস্ত ধৰ্ম্মৰ,
সুমৰন্তে নাম সিজে ধৰ্ম্ম নিৰন্তৰ।
কৃষ্ণৰ কিঙ্কৰে কহে ভাগৱত মত,
বোলা হৰি হৰি জুই লাগোক পাপত।
...................
৩০। মূল ঘোষাঃ-
নামৰ মহিমা শুনি তপস্যা এৰিলে মুনি
যোগীয়ে এৰিলে যোগ ধ্যান।
গকুলৰ গোপীয়ে গৃহ সংসাৰ এৰিলে
লয় মাথো কৃষ্ণ নাম॥
পদঃ-
নুহিকে যশোদা নন্দন গুবিন্দ
নিশ্চয়ে বুলিলো বাক।
তুমি সমস্তৰে বুদ্ধি সাক্ষী সখি
প্ৰাৰ্থিলা ব্ৰহ্মা তোমাক॥
জনত ৰাখিবে লাগি যুদ্ধ ফলে
আপুনি ভৈলা উদিত।
শুনা মহাভাগ জগতক ত্যাগ
কৰিবে নুহি উচিত।
(৫৫)