পৃষ্ঠা:ৰামনিৰঞ্জনভকতিপ্ৰৱাহ.pdf/৫৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
দিহা নামৰ সম্ভাৰ

 থিৰ বুদ্ধি কৰি দেখা।
চিত্ত বিত্ত পত্ৰ  সবে অপবিত্ৰ
 মাথো মনুষ্যৰ বেশা॥
হেন জানি আন দুৰতে তেজিয়া
 ভকতিক কৰা সাৰ।
শ্ৰৱণে কীৰ্ত্তনে সংসাৰক তৰে
 মহা সুখে পাই পাৰ॥
জানিয়া কৃষ্ণৰ চিন্তিয়ো চৰণ
 মুখে লোৱা কৃষ্ণ নাম।
কৈত কেতিক্ষণে মিলয় মৰণ
 ডাকি বোলা ৰাম ৰাম॥

ভাঙনি ঘোষাঃ-
সপ্তবৈকুণ্ঠক আনি থৈলা মণিকূটে।
তত্বভেদি নাম লয় একান্ত ভকতে।

পদঃ-
নমো নমো নাৰায়ণ আনাদি অনন্ত।
নিত্য নিৰঞ্জন পূৰ্ণব্ৰহ্ম ভগবন্ত॥
প্ৰকৃতিতে পৰ পৰমাৰ্থ ৰূপদেৱ।
তোমাৰ চৰণে কৰো লক্ষ কোটি সেৱ॥
ব্ৰহ্মা ৰূপ ধৰি স্ৰজা যত চৰাচৰ।
বিষ্ণু ৰূপে জগতকে পালা নিৰন্তৰ॥
ৰূদ্ৰ ৰূপে কৰা প্ৰভু প্ৰলয় আপুনে।
তথাপি তোমাক নোচৰয় দোষ গুণে।
কৰিলা অধীন মায়া নিজ যোগ বলে।
তুমি মাত্ৰ সঞ্চা আন প্ৰপ্ৰঞ্চ সকলে।
জানিয়া তোমাক মাত্ৰ যিটো মহাজন।
তষু গুণ নাম কৰে শ্ৰৱণ কীৰ্ত্তন॥

(৪৫)