পৃষ্ঠা:ৰামনিৰঞ্জনভকতিপ্ৰৱাহ.pdf/৫৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
দিহা নামৰ সম্ভাৰ

কায় বাক্য মনে লৱে শৰণ তোমাত।
সিসে এৰাই জানিবাহা সংসাৰৰ হাত॥

.....................

২৫। মূল ঘোষা:-
বৰদোৱা বৰপেটা গুৰুজনাৰ হাট,
হৰিনামৰ ৰসৰ নদী বৈ আছে তাত।
অ’ নেলাগে নেলাগে যাব কাশী বৃন্দাবন,
ভকত-সঙ্গতে আছে দেৱ নাৰায়ণ॥

পদ:-
ভকতক ভজিলেহে বুলিব ভকতি,
আগে বন্দে পিছে নিন্দে পৰম দুৰ্ম্মতি॥
অ’ ভকতক জানিলেহে বুলিব ভজন,
আগে বন্দে পিছে নিন্দে পৰম দুৰ্জ্জন॥
হে ভকতক এৰি মহা মূঢ় নৰে,
শৱ তুল্য শৰীৰক আত্ম বুদ্ধি কৰে
অ’জলত কৰয় তীৰ্থ বুদ্ধি নিৰন্তৰে,
এহি চাৰি বুদ্ধি মহাজনত নকৰে।
জানিলো জগত হেতু তুমি নাৰায়ণ,
যাৰ নাভি পদ্মে ভৈলা ব্ৰহ্মা উতপন।
অ’ ব্ৰহ্মাকো কৰিলা বন্দী মায়াৰ গুণতে,
নিৰ্গুণ গুণক প্ৰভু জানি বো কিমতে॥
ভকতত পৰে শ্ৰেষ্ঠ কতো নাই নাই,
হৰি যাৰ পাছে আছে ফুৰন্ত সদায়।
অ’ ভক্তি কৰিবাক লাগে ভকত জনত,
ভক্তিসে ভৰাইবে ইটো ঘোৰ সংসাৰত॥

খৰ চাপৰি:-
অ' হৰি অ’ নাৰায়ণ...
ৰাম হৰি অ' অ'...ৰাম নাৰায়ণ,

পদ:-
গাহৰি আকাৰে প্ৰভু উদ্ধাৰিলা ভূমি,

(৪৬)