পৃষ্ঠা:ৰামনিৰঞ্জনভকতিপ্ৰৱাহ.pdf/৫৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
দিহা নামৰ সম্ভাৰ

সিটো জীৱ জগতক উদ্ধাৰিবে মনে।
দৈৱকী নন্দন কৃষ্ণ আইলা এহি গুণে॥

২৪। মূল ঘোষা:-
নামৰ ঘৰ নামঘৰ  সেৱাৰ ঠাই সেৱকৰ
 সাধু সঙ্গ বিচাৰি যোৱা।
ভকতৰ সেৱা ধৰি  গুৰুক স্মৰণ কৰি
আনন্দে হৰি নাম গোৱা মোৰ মন ভাই
আনন্দে হৰি নাম গোৱা॥

পদ:-
প্ৰথমে গুৰুক  কৰো নমস্কাৰ
 শিৰ দিয়া চৰণত।
যাৰ উপদেশে  জ্ঞানক প্ৰকাশে
 গুচিল অবিদ্যা যত॥
কৃষ্ণ পাদ পদ্ম  মকৰন্দ পানে
 ভক্তিভাৱে হৈয়া মত্ত।
বাসুদেৱ বুদ্ধি  সবাতে দেখয়
 জ্ঞানৰ বুজিয়া তত্ব॥
বদতি শঙ্কৰ  শুনা নিৰন্তৰ
 কিনো কৃপাময় হৰি।
পদ্মৰ যুগত  দুখানি চৰণ
 কিয়নো থাকা পাহৰি॥
অনৰ্থ শৰীৰ  পোৱাৰে পৰাই
 নামত কৰিও ৰতি।
নিন্দাবাদ তৰ্ক  অসূয়া তেজিয়া
 লৈয়োক সাধু সংগতি।
ঘোৰ কলিযুগে  ভৈলা একাকাৰ

(88)