পৃষ্ঠা:ৰামনিৰঞ্জনভকতিপ্ৰৱাহ.pdf/৫১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
দিহা নামৰ সম্ভাৰ

গায়নে বায়নে লাট কৰি অভিনয়।
মৰ্ত্যত পাতিলা গুৰু বৈকুণ্ঠ দুতয়॥
বিষ্ণু অংশে অৱতাৰ হুয়া দুয়োজন।
উদ্ধাৰিলা জাতি কৰি পাপ বিমোচন॥
মণিকূট নামঘৰ সৰ্বত্ৰে নিৰ্মিত।
অসমীয়া সমাজক কৰি একত্ৰিত॥
হেন শঙ্কৰৰ পদে কৰো নমস্কাৰ।
জনম সম্ফল ইেক ওহি আশা মোৰ॥

........................

২৩। মূল ঘোষা:-
গুৰুজনাৰ নামঘৰ  ভক্তি ভেটি ভকতৰ
 দ্বিতীয় বৈকুণ্ঠ ধাম।
মণিকূটৰ সিংহাসন  গুণমালা পুথিখন
 তাতেই আছে ভকতৰ প্ৰাণ।

পদ:-
শুনিয়োক সৰ্ব্বজন  কৃষ্ণত অৰ্পিয়ো মন
 মহাভাগৱত কথাসাৰ।
ইসে পুৰাণৰ সূৰ্য  ভকতি প্ৰকাশক
 সমস্তে শাস্ত্ৰৰো সাৰোদ্বাৰ।
শুনা আৰু তত্বভেদ  কল্পতৰু ভৈলা বেদ
 তাৰ ফল মহাভাগৱত।
নাহি সাৰ সিঠাছাল নাছিলেক অতকাল
 স্বৰ্গ-মৰ্ত্য পাতাল মধ্যত॥
স্বাদত আনন্দময়  কেৱলে আনন্দ ৰস
 পূৰ্ব্বত আছিল বৈকুণ্ঠত।
কৃষ্ণৰ কৃপাত পাছে  অৰ্দ্ধেক বয়স গৈলে
 পাইলে ব্ৰহ্মা পদ্ম কলপত॥

(৪২)