ব্ৰহ্মাই দিলা নাৰদক ইটোফল ৰহস্যক
নাৰদে ব্যাসক আনি দিলা।
তিলেক নগৈল ভাগি ইডালে সিডালে লাগি
শুক মুখে ভূমিত পৰিলা॥
কৰা পান ফল ইটো যাৰ ভাগ্য আছে যিটো
ৰস বিভাৱনত চতুৰ।
সাধু সঙ্গ যত্ন কৰি কৰ্ণে কৃষ্ণ কথা ভৰি
সমস্ত আপদ কৰা দূৰ॥
মাধৱেসে পিতা মাতা ভকত অভয় দাতা
মাধৱত বিনে আন নাই।
হেন জানি যত্ন কৰি ডাকি বোলা হৰি হৰি
হৰি বিনে বৰ্থে আয়ু যায়।
ভাঙনি ঘোষাঃ-
নামঘৰত নামৰ নদী বোৱালে শঙ্কৰে।
তাতে বহি নাম লয় ভকত বান্ধৱে।
পদঃ-
শঙ্কৰে কীৰ্ত্তনঘৰ সাজিবাক লৈলা।
ভেটি বান্ধিবাক লাগি সবেও আসিলা॥
আপুনি শঙ্কৰে কোৰ নালক ধৰিলা।
পৃথিৱীক চতুৰ্ভুজ মূৰ্ত্তিক দেখিলা॥
শিলৰ প্ৰতিমাখান কলা অতিশয়।
চিকমিক কৰে গাৱ অতীকে শোভয়॥
যত্ন কৰিলেও যিটো মূৰ্ত্তিক নাপাই।
দেখিয়োক হৰি আনি দিলেক ঠেকাই॥
সিজিবে ঈশ্বৰ ঐত সিদ্ধি হৈবে কাম।
দেৱী পূজা এৰি সবে লৈব কৃষ্ণ নাম॥
যিটো জগতৰ গুৰু ঈশ্বৰ মূৰাৰী।
শঙ্কৰ স্বৰূপে ভক্তি ধৰ্ম্মক প্ৰচাৰী॥
(৪৩)