পৃষ্ঠা:ৰামনিৰঞ্জনভকতিপ্ৰৱাহ.pdf/৫০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
দিহা নামৰ সম্ভাৰ

পৰম ঈশ্বৰ কৃষ্ণ দেৱতাৰ
 গুণৰ নাহিকে অন্ত।
ইহাৰ তত্বক জানিবা কেৱলে
 শঙ্কৰে মাত্ৰ জানন্ত॥

ভাঙনি:-
আই মাতৃ সত্য-সন্ধ্যা পিতা কুসুম্বৰ।
বট দ্ৰৱাই কৃষ্ণশঙ্কৰ সৰ্বগুণাকৰ॥

পদ :-
জয় জয় বটদ্ৰৱা বৈকুণ্ঠ দুতয়।
সেহি স্থানে নিজা গুৰু ভৈলন্ত উদয়॥
সেহি স্থানে নিজ গুৰু পাতিলন্ত হাট।
ৰাম-নাম মহাৰত্ন বেহাইলন্ত তাত॥
চাৰিওফালে চাৰিহাটী মহাভক্ত গণ।
চৈধ্যয় প্ৰসঙ্গ কৰে নামৰ কীৰ্ত্তন॥
পূবদিশে নিৰ্ম্মিল একনামঘৰ।
মণিকূট গৃহবান্ধি ৰহিলা শঙ্কৰ॥
দক্ষিণে যাত্ৰাৰ দৌল শঙ্কৰে নিৰ্মিলা।
সাতো বৈকুণ্ঠৰ পট আকিয়া দেখাইলা॥
উত্তৰে আকাশী গঙ্গা ভক্তি সৰোবৰ।
মধ্যৰাতি নমাইলন্ত শ্ৰীমন্ত শঙ্কৰ।
পশ্চিমে শিলিখা বৃক্ষ হালিয়া আছয়।
তাতে আউজিয়া গুৰু পুস্তক লিখয়॥
কহয় পুৰোযোত্তম দাসো দাস।
সেহিস্থানে নিজ গুৰু কৰিলন্ত বাস।
নাম দিলা ধৰ্ম্ম দিলা আৰু দিলা জ্ঞান।
খোল তাল ডবা কাঁহ তোমাৰ অৱদান।
চপয় টোটয় গুণমালা আৰু বৰগীত।
শ্ৰৱণে কীৰ্তনে যেন পিয়াইলা অমৃত॥

(৪১)