পৃষ্ঠা:ৰামনিৰঞ্জনভকতিপ্ৰৱাহ.pdf/৩৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
দিহা নামৰ সম্ভাৰ

দিকপাল সমস্তৰ  আশ্ৰয় কৃষ্ণৰ বাহু
 ভকতৰ পাদ-পদ্ম মাত্ৰ॥
পৰম ঈশ্বৰদেৱ  কৃষ্ণক নাপাই লাগ
 তপ জপ যাগ মোগ দানে।
একান্ত ভক্তৰ পদ  ৰেণু শুদ্ধ চিত্তে মাথে
 অভিষেক নকৰয় মানে॥

ভাঙনি:-
কৰ্ম পথ জ্ঞান পথ কৰি পৰিহাৰ।
দিলা ভকতিৰ পথ অমৃততো সাৰ॥৷

পদ:-
নাম দিলা ধৰ্ম্ম দিলা আৰু দিলা জ্ঞান।
খোল তাল ডবা কাঁহ তযু অৱদান॥
টোটয় চপয় গুণমালা আৰু বৰগীত।
শ্ৰৱনে কীৰ্ত্তনে যেন পিয়াইলা অমৃত॥
গায়নে বায়নে নাট কৰি অভিনয়।
মৰ্ত্যত পাতিলা যেন বৈকুণ্ঠ দুতয়॥
মণিকুট নামঘৰ কৰিলা নিৰ্মিত।
অসমীয়া সমাজক কৰি একত্ৰিত॥
মিলনৰ এনাজৰি ৰাখিলা ধৰ্ম্মত।
দিক্ষীত কৰিলা গুৰু হৰিৰ নামত।
সোণত সুৱগা মিলি কৰিলে উজ্জ্বল।
নামৰসে ভক্তিৰসে বোৱাই মহাঢল।
বিষ্ণু অংশে অৱতাৰ হৈয়া দুয়োজন।
কৰিলা উদ্ধাৰ পঙ্কে যত নৰগন॥
দুয়োজনা গুৰু আমাৰ পৰম বান্ধব।
জয় জয় বন্দো মাত্ৰ শঙ্কৰ মাধৱ॥
সাৰ্বভৌম ভট্টাচাৰ্য্য কবি যাৰ নাম।
গুৰুৰ চৰণ শিৰে সহস্ৰ প্ৰণাম॥

....................

(২৫)