১৪। ঘোষাঃ-
কৃষ্ণৰ কিঙ্কৰ শ্ৰীমন্ত শঙ্কৰ
স্বৰূপতে গুৰু মানৱৰ।
কোনে কয় অসমৰ কোনে কয় ভাৰতৰ
গুৰু তেওঁ সৰ্ব জগতৰ॥
পদঃ-
ৰাখি নিজ সত্যবাক নৰকুল তৰিবাক
অৱতাৰ ৰূপে আসে হৰি।
দিকভ্ৰান্ত সমাজৰ নিৰোধি যত অসুৰক
বোৱালে সুৰৰ প্ৰেম জুৰি॥
বিজয়া দশমী তিথি প্ৰতিমা বিসৰ্জি উঠি
শূণ্য হিয়া নাই কাৰো মাত।
মধ্যনিশা অন্ধকাৰ খণ্ডিবে ভূমিৰ ভাৰ
জনমিল শঙ্কৰ ধৰাত॥
বিজয়াক কৰি ক্ষয় মোহমায়া কৰে জয়
বিষয়ীৰ হৃদয়ৰ পৰা।
নাম ধৰ্ম্ম শৰণৰ ঈশ পদ স্মৰণৰ
ভকতিৰে পৰিপূৰ্ণ ধৰা॥
মহেন্দ্ৰ কন্দলি বোলে তযুবিদ্যা আৰম্ভ কালে
সৰস্বতী লাগে পুজিবাক।
শঙ্কৰে গুৰক কয় বিষ্ণুক পুজিলেই হয়
পূজা কৰা সৰ্ব্বদেৱতাক।
গছকিল পাঠশালা শিকি লই বৰ্ণমালা
বিভূৰ মহিমা গীত গায়।
সুমধুৰ ৰচি গীত মোহিলে গুৰুৰ চিত
হিয়া মন জুৰ পৰি যায়॥
ডেকাগিৰি শঙ্কৰ কলেৱৰ মনোহৰ
বলে বুদ্ধি ত্যাগি মহীয়ান।
সাহস কৌশল দেখি ডেকাই প্ৰমাদ গণি
গুৰু মানি লয় শিক্ষা দান।
(২৬)