এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
দিহা নামৰ সম্ভাৰ
কৰিলা বিবিধ শাস্ত্ৰ শংকৰ মাধৱে॥
কলিৰ পৰম পাপসাগৰ সংকাশ।
প্ৰথমতে দহিতাক কৰে সৰ্ব্বনাশ॥
১৩। ঘোষাঃ-
কোনে বাৰু ৰচিলে বৰগীত ভটিমা
কোনে বাৰু বোৱালে নাম।
কোনে বাৰু গঢ়িলে খোল তাল ডবা কাঁহ
চৰণে কৰো প্ৰণাম॥
পদঃ-
শুনা পৰমাৰ্থতত্ব শ্ৰীমন্ত শঙ্কৰ মত
ধৰিয়োক সজ্জন সকল।
হৰিৰ কীৰ্তন কৰি সুখে সংসাৰক তৰি
পাইবা ভক্তি পৰম নিৰ্ম্মল॥
শুনা সভাসদচয় নেৰিবা শাস্ত্ৰৰ নয়
হৰিগুণ ভাগৱত সাৰ।
সাধু সংগ অনুসৰা শ্ৰৱণ কীৰ্ত্তন কৰা
পৰিহৰা পাষণ্ড আচাৰ॥
বৈৰাগ্যত পৰে ভাগ্য নাহি প্ৰবোধত পৰে
সুখ আৰ নাহি পুৰুষৰ।
হৰি বিনে পৰিত্ৰান কৰ্তা আৰু নাহি জানা
ৰিপু নাহি সংসাৰত পৰ॥
লক্ষ্মীপতি ভগৱন্ত যাহাৰ প্ৰসন্ন ভৈল
তাহাৰ দুৰ্লভ কিছু নাই।
নাৰায়ন পৰ ভৈল তথাপি কিঞ্চিতো আন
নবাঞ্চয় সেৱা সুখ পাই।
কৃষ্ণৰ হৃদয় চাৰু লক্ষ্মীৰ নিবাস স্থান
সুখ নয়নৰ পান পাত্ৰ।
(২৪)