এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
দিহা নামৰ সম্ভাৰ
বৈষ্ণৱ সকল পৰম উজ্জল
যাত হৰি গুন গাই।
কীৰ্ত্তনৰ ৰোল শুনিয়া কল্লোল
পাষণ্ড ভাগি পলায়॥
ঘোৰ কলি যুগে ভৈলা একাকাৰ
ঠিৰ বুদ্ধি কৰি দেখা।
চিত্ত বিত্ত পাত্ৰ অপবিত্ৰ গাত্ৰ
নাহি শৰীৰতো লেখা॥
সাধুৰ চৰিত্ৰ পৰম পবিত্ৰ
তাক যিটো নুশুনয়।
যদি চাৰিবেদ পঢ়ে অবিচ্ছেদ
তভোতাৰ কিছু নয়॥
মোহোৰ জীৱন দেৱ নাৰায়ন
ভগৱন্ত কৃপাময়।
তোমাৰ ভক্তৰ মই অনুচৰ
কহিলো কৰি নিশ্চয়॥
ভাঙনিঃ-
সত্যযুগে নাৰায়ন ত্ৰেতাত ৰঘুবৰ।
দ্বাপৰত শ্ৰীকৃষ্ণ কলিত শংকৰ॥
পদঃ-
পূৰ্ব্ব কালে ই দেশত নাছিল ভকতি।
নানা ধৰ্মকৰ্ম্ম সবে কৰয় সম্প্ৰতি।
নানা দেৱ পুজয় কৰয় বলি দান।
হংসে ছাগ পাৰ কাটে অসংখ্য প্ৰমান।
তল গৈল লোক কলি পাপ সাগৰত।
কৃপাময় কৃষ্ণে পাছে চিন্তি বৈকুণ্ঠত॥
সিটো জীৱ সমস্তক কৰিবে উদ্ধাৰ।
শংকৰ মাধৱ ৰূপে ভৈলা অৱতাৰ॥
সকলো লোকক মোক্ষ দিবৰ কাৰণে।
(২৩)