পৃষ্ঠা:ৰামনিৰঞ্জনভকতিপ্ৰৱাহ.pdf/২৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
দিহা নামৰ সম্ভাৰ


অ’ হে কলিযুগ পাপৰ প্ৰলয়;
সেই কাৰণে কীৰ্ত্তন-দশম লিখি আছো মই অ’

লিখি আছো মই॥

পদ:-
শুনা সভাসদ পদ শঙ্কৰ চৰিত্ৰ,
আপুনি ঈশ্বৰ আহি হৈলন্ত বিদিত।
নানা যুগে ধৰা তুমি নানা অৱতাৰ,
কলিযুগে গুৰু ৰূপে আসিলা ইবাৰ।
সমস্ত লোককে মোক্ষ দিবৰ কাৰণে,
কৰিলা বিবিধ শাস্ত্ৰ শঙ্কৰ মাধৱে।
কলিৰ পৰম পাপ সাগৰ শংকাশ,
প্ৰথমতে দহি তাক কৰে সৰ্ব্বনাশ।
সমস্তে পুণ্যৰ ফল কীৰ্ত্তনতে পাৱে,
মিলিবে মুকুতি আহি হৰি নাম গাৱে।
সদা নাম লৱন্তে বাসনা হোৱে ক্ষয়,
পুণ্যৱন্ত হোৱে যেৱে বৈৰাগ্য মিলয়।
এতেকে ভকতে কৰে সদায়ে স্মৰণ,
কহিলো সমস্ত কথা নামৰ লক্ষণ।

ভাঙনি ঘোষা:-
কীৰ্ত্তন মানে গুৰুৰ মূৰ্ত্তি
দশমতে দেৱ হে,
নাম ঘোষাই নামৰ মূৰ্ত্তি
ৰত্নাৱলী ভকত হে॥

পদ:-
গুৰু শঙ্কৰ পদে কৰো নমস্কাৰ।
বান্ধৱ মাধৱৰ পদে কৰো নমস্কাৰ॥
লোকৰ কল্যাণ হেতু ভৈলা অৱতাৰ।
ৰাম নাম মহা মন্ত্ৰ কৰিলা প্ৰচাৰ॥

(১৭)