পৃষ্ঠা:ৰামনিৰঞ্জনভকতিপ্ৰৱাহ.pdf/২৫

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
দিহা নামৰ সম্ভাৰ


সিটো মত লাড়ি  আন আচৰয়
 পৰম সিটো মুগুধ॥
আপুনি পণ্ডিত  নুহি মহন্তক
 নুপাসিলে কদাচিত।
তথাপিতো গুৰু  বোলাৱে কৃষ্ণৰ
 মায়ায়ে হুয়া মুহিত॥
নজানে শাস্ত্ৰক  শিষ্যৰ সংশয়
 নপাৰে দূৰ কৰিত।
তাৰ উপদেশে  আন নতৰয়
 আপুনো ভৈল বঞ্চিত।
শাস্ত্ৰমত এৰি  যি কথা কহয়
 কেৱলে পাষণ্ড নয়।
আছোক কৃষ্ণক  পাইবে কদাচিত
 নুগুচে সংসাৰ ভয়॥
অন্ন যোনি কিছু  নকৰে বিচাৰ
 জাতি কুল গৈল ভ্ৰষ্ট।
বৈষ্ণৱৰ বেশ ধৰিয়া ফুৰয়
 বেদ পন্থ কৰি নষ্ট।
পৰম ঈশ্বৰ কৃষ্ণ দেৱতাৰ
 গুণৰ নাহিকে অন্ত।
ইহাৰ তত্বক জানিবা কেৱলে
শঙ্কৰে মাত্ৰ জানন্ত।

....................

৯। মূল ঘোষাঃ-

শঙ্কৰদেৱে সাচী পাতত বোলাই আছে মহী।
মাধৱে সুধিলে গুৰু আছে কিবা লিখি।

(১৬)